NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াৰ পৰা কম মূল্যত তেল ক্ৰয় কৰাতো ভাৰতৰ বাবে লাভজনক : আমেৰিকাৰ বিত্ত মন্ত্ৰীৰ মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2025 8:07 am

মঙলবাৰে আমেৰিকাৰ বিত্তমন্ত্ৰী তথা কোষাগাৰ সচিব স্কট বেছাণ্টে ভাৰতে ৰাছিয়াৰ পৰা সস্তীয়া তেল ক্ৰয় কৰি শোধন কৰাৰ পিছত অধিক মূল্যত বিক্ৰী কৰাতো লাভজনকবুলি অভিযোগ উত্থাপন কৰে।

ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ সময়তে বেছাণ্টৰ এই মন্তব্য। ইয়াৰ ভিতৰত আছে ৰাছিয়াৰ তেল ক্ৰয়ৰ ওপৰত ২৫ শতাংশ অতিৰিক্ত শুল্ক, যিটো ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হব।

সংবাদ সংস্থা পিটিআইৰ মতে, চীন আৰু ভাৰতৰ সৈতে আমেৰিকাৰ দ্বৈত মানদণ্ডৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত বেছাণ্টে কয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছত ৰাছিয়াৰ পৰা চীনৰ তেল আমদানি মাত্ৰ ৩ শতাংশহে বৃদ্ধি পাইছে, আনহাতে ভাৰতৰ আমদানি ৪০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে।

তেওঁ কয়, “ইয়াৰ পৰা কেৱল ভাৰত লাভজনক। ইয়াৰ পৰা ১৬ বিলিয়ন ডলাৰৰ অতিৰিক্ত লাভ হৈছে। ইয়াৰ দ্বাৰা ভাৰতৰ কিছুমান ধনী পৰিয়ালে লাভৱান হৈছে।”

বেছাণ্টে আৰু কয়, “যুদ্ধ আৰম্ভ হোৱাৰ পৰাই ভাৰতৰ এই ব্যৱসায় চলি আহিছে। এইটো একেবাৰে গ্ৰহণযোগ্য নহয়।”

ব্লুমবাৰ্গক দিয়া এক সাক্ষাৎকাৰত তেওঁ এই কথাও ইংগিত দিয়ে যে যদিহে ট্ৰাম্প আৰু পুটিনৰ মাজত হোৱা আলোচনাত কোনো সহমতত উপনীত নহয় তেন্তে ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত অতিৰিক্ত নিষেধাজ্ঞা আৰোপ কৰিব পৰা যাব।

ভাৰতে শুল্ক আৰোপ কৰাৰ এই পদক্ষেপক অন্যায় বুলি অভিহিত কৰি ভাৰতে নিজৰ জাতীয় স্বাৰ্থ আৰু অৰ্থনৈতিক নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে।