NORTHEAST NOW (Assamese)
Popular Stories

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2025 6:30 am

বয়সৰ লগে লগে প্ৰত্যেকজন ব্যক্তিয়েই পৰিপক্ক হয়। কিন্তু কেৱল বয়স নহয়, বিভিন্ন পৰিঘটনাই মানুহক এবাৰতে অধিক পৰিপক্ক কৰি তোলে। আপুনি নিজকে পৰিপক্ক বুলি নিশ্চিত হবলৈ আপুনি কি পাঁচটা কাম কৰিব পাৰে আজিয়ে জানি লওঁ আহক

১/ আপোনাৰ জীৱনত যেনেকৈ আপুনি সকলোকে ভাল পাব নোৱাৰে, তেনেকৈ সকলোৱে আপোনাক ভাল পাবও নোৱাৰে। এইটো এটা অতি স্বাভাৱিক পৰিঘটনা। কেৱল আপুনি কাৰোবাক ভাল পায় বুলিয়েই তাৰ অৰ্থ কেতিয়াও নহয় যে তেওঁলোকেও আপোনাক একেদৰেই ভাল পাব। আপুনি কাৰোবাৰ ওপৰত প্ৰেম, বন্ধুত্ব বা মনোযোগ জোৰকৈ ৰাখিবলৈ চেষ্টা কৰেনে? যদি উত্তৰটো হয়, তেন্তে আপুনি একেবাৰেই পৰিপক্ক নহয়। এজন পৰিপক্ক ব্যক্তিয়ে কাকো খেদি নাযায়। মানুহ যিমানেই মৰমৰ নহওক কিয়, পৰিপক্কতাই হল যাব বিচৰাসকলক এৰি দিয়া।

২/ ভুল কৰিলে স্বীকাৰ কৰে নেকি? নে নিজৰ ভুলবোৰ ঢাকি ৰাখি জয়ী হবলৈ চেষ্টা কৰে? যদি পিছৰটোৱেই আপোনাৰ স্বভাৱ, তেন্তে আপুনি পৰিপক্ক নহয়। পৰিপক্ক মানুহে নিজৰ ভুলবোৰ সহজেই মানি লব পাৰে।

৩/ পৰিয়ালৰ সদস্য, বন্ধু-বান্ধৱী, ভাই-ভনীৰ সফলতাক লৈ আপুনি ঈৰ্ষা কৰেনে? নে আনৰ সুখত সুখী হয়? যদি আপুনি ঈৰ্ষা নকৰে তেন্তে আপুনি সম্পূৰ্ণ পৰিপক্ক হৈছে।

৪/ সকলো তৰ্কতে আপুনি যে জয়ী হব সেয়া নহবও পাৰে। সকলো ক্ষেত্ৰতে এয়া কেতিয়াও সম্ভৱ নহয়। এই কথা মানি লব পৰা মানসিক শক্তি থাকিলে বুজিব যে আপুনি পৰিপক্ক।

৫/ কাৰোবাৰ স্বভাৱ আৰু আচৰণ ভাল নাপাবও পাৰে। তাৰ অৰ্থ এইটো নহয় যে আপুনি সেইবোৰ সলনি কৰিবলৈ চেষ্টা কৰিব। প্ৰতিজন ব্যক্তি বেলেগ বেলেগ, তেওঁলোকৰ চিন্তা বেলেগ বেলেগ। যদি আপুনি এই কথা মানি লব পাৰে তেন্তে আপুনি বুজিব যে আপুনি পৰিপক্ক।