NORTHEAST NOW (Assamese)
Popular Stories

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 21, 2025 7:30 am

দীৰ্ঘদিন ধৰি কাৰ্যালয়ৰ হেঁচা আৰু ব্যক্তিগত দায়িত্ব চম্ভালিব পৰাটো আজিৰ যুগত নাৰীৰ জীৱনৰ এক বিশেষ অংগ হৈ পৰিছে। ছচিয়েল মিডিয়াই অতিৰিক্ত মানসিক চাপ বৃদ্ধি কৰিছে। মুঠতে স্বাভাৱিক, সমস্যামুক্ত জীৱনশৈলী প্ৰায় সকলোৰে বাবে মানসিক চাপৰ কাৰণ হৈ পৰিছে। আৰু ইয়াৰ শৰীৰত বিশেষকৈ মাহেকীয়া পিৰিয়ডৰ চক্ৰত গুৰুতৰ প্ৰভাৱ পৰে।

গুৰগাঁৱৰ চি কে বিৰলা হাস্পতালৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগৰ সঞ্চালক তথা ‘মৈত্ৰীৰ প্ৰতিষ্ঠাপক ডাঃ অঞ্জলি কুমাৰে কয় যে আজিকালি বহু মহিলাই মানসিক চাপৰ বাবে অনিয়মিত মাহেকীয়া, প্ৰচণ্ড ৰক্তক্ষৰণ বা মাহেকীয়া বন্ধ হোৱাৰ দৰে সমস্যাত ভুগিছে।

মানসিক চাপে পিৰিয়ড চক্ৰত ইমান প্ৰভাৱ পেলায় কিয়?

ডাঃ কুমাৰে বুজাই দিলে যে প্ৰতিমাহে পিৰিয়ড চক্ৰটো কিছুমান হৰমনৰ জটিল ভাৰসাম্যৰ দ্বাৰা নিয়ন্ত্ৰিত হয় – ইষ্ট্ৰজেন, প্ৰজেষ্টেৰন, এফ এছ এইচ, এল এইচ। এইবোৰ হাইপথেলামিকপিটুইটাৰীঅভেৰিয়ান (HPO) অক্ষৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। কিন্তু যেতিয়া শৰীৰত মানসিক চাপ থাকে তেতিয়া হাইপথেলামিকপিটুইটাৰীএড্ৰিনেল (HPA) অক্ষ সক্ৰিয় হয়, যাৰ ফলত কৰ্টিছল আৰু এড্ৰিনেলিন নিৰ্গত হয়। যেতিয়া কৰ্টিছলৰ মাত্ৰা বৃদ্ধি পায় তেতিয়া এইচ পি অ অক্ষৰ স্বাভাৱিক কাৰ্য্যকলাপত ব্যাঘাত জন্মে আৰু ইয়াৰ ফলত সমগ্ৰ ঋতুচক্ৰটো বিঘ্নিত হয়।

মানসিক চাপৰ ফলত সাধাৰণতে শৰীৰত ৫টা পৰিৱৰ্তন হব পাৰে

১) অনিয়মিত মাহেকীয়া

অহৰহ মানসিক চাপৰ বাবে ডিম্বাণু নিঃসৰণ পলমকৈ বা সোনকালে হব পাৰে। ফলত কেতিয়াবা পিৰিয়ড আগতে বা পিছত আহিব পাৰে। পিৰিয়ড চক্ৰ চুটি (২১ দিনতকৈ কম) বা দীঘলীয়া (৩৫ দিনতকৈ অধিক) হব পাৰে।

২) এমেনোৰিয়া

অত্যধিক মানসিক চাপে কেতিয়াবা ডিম্বাণু নিঃসৰণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিব পাৰে। ফলত পিৰিয়ড একেবাৰেই নহয়।

৩) অত্যধিক বা কম ৰক্তক্ষৰণ

হৰমনৰ ভাৰসাম্য বিঘ্নিত হলে জৰায়ুৰ আৱৰণ সলনি হয়। ফলত কেতিয়াবা অত্যধিক, কেতিয়াবা অতি কম ৰক্তক্ষৰণ হয়।

৪) মাহেকীয়াৰ সময়ত পেট আৰু কঁকালৰ তলৰ অংশৰ তীব্ৰ বিষ (Dysmenorrhea)

মানসিক চাপে শৰীৰৰ পেশীৰ টান আৰু প্ৰদাহ বৃদ্ধি কৰে। ইয়াৰ ফলত পিৰিয়ডৰ সময়ত সাধাৰণ তলপেটৰ বিষ অধিক তীব্ৰ হৈ পৰে।

৫) পিএমএছ বৃদ্ধি

মানসিক চাপৰ প্ৰত্যক্ষ প্ৰভাৱে মানসিক অৱস্থাতো প্ৰভাৱ পেলায়। ফলত খিংখিঙীয়া, মেজাজৰ পৰিৱৰ্তন, ভাগৰ – এই লক্ষণবোৰ বাঢ়ি যায়।

শৰীৰে কিয় এনে প্ৰতিক্ৰিয়া কৰে?

ডাঃ কুমাৰে কয়, “বিৱৰ্তনৰ সূত্ৰে শৰীৰে যেতিয়া অত্যন্ত মানসিক চাপত থাকে তেতিয়া ইয়াক এক প্ৰকাৰৰ বিপদৰ সংকেত বুলি গণ্য কৰে।তাৰ পিছত শৰীৰে জীয়াই থকাৰ প্ৰক্ৰিয়াটোক অগ্ৰাধিকাৰ দিয়ে, আৰু প্ৰজনন তন্ত্ৰ সাময়িকভাৱে বন্ধ কৰি দিয়ে।সেয়েহে পিৰিয়ড চক্ৰত বাধা আহি পৰে, বিভিন্ন সমস্যাৰ সৃষ্টি হয়।

যদি আপুনি মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ শিকে তেন্তে আপোনাৰ পিৰিয়ডৰ চক্ৰ স্বাভাৱিক হ, কেনেকৈ সম্ভৱ – ডাঃ কুমাৰে কয়

১) যোগাসন, ধ্যান, গভীৰ উশাহ-নিশাহৰ অনুশীলনে কৰ্টিছলৰ মাত্ৰা হ্ৰাস কৰে।

২) লঘু ব্যায়াম, ব্যায়ামে হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু উদ্বেগ হ্ৰাস কৰে।

৩) খাদ্যত পুষ্টিকৰ খাদ্য যোগ কৰক – সুষম খাদ্যই হৰমনৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

৪) পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন – প্ৰতিদিনে ৭ৰ পৰা ৯ ঘণ্টা গভীৰ টোপনি অহাটো অতি প্ৰয়োজনীয়। টোপনিৰ অভাৱ মানসিক চাপৰ অন্যতম ডাঙৰ কাৰণ।

৫) যদি মানসিক চাপ পৰিচালনা কৰাটো কঠিন হৈ পৰে তেন্তে পৰামৰ্শ বা চিকিৎসকৰ পৰামৰ্শ লওক।

কেতিয়া স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ যাব লাগে?

যদি আপুনি একেৰাহে তিনিমাহ ধৰি মাহেকীয়া নহয় (যদিও আপুনি গৰ্ভৱতী নহয়)।

যদি আপোনাৰ পিৰিয়ডৰ প্ৰচণ্ড ৰক্তক্ষৰণ বা তীব্ৰ বিষ হয়।

অস্বাভাৱিক ওজন কমি যোৱা, চুলি সৰা, বা অত্যধিক ভাগৰুৱা হোৱা।

ডাঃ কুমাৰে এই লক্ষণসমূহ সহজভাৱে লব নালাগে বুলি সকীয়াই দিয়ে। থাইৰয়ডৰ সমস্যা, পিচিঅএছ বা পেৰিমেনজৰ লক্ষণো হব পাৰে।