NORTHEAST NOW (Assamese)
Popular Stories

জনপ্রিয়তা হেৰুৱাইছে! ১৭বছৰত প্ৰথমবাৰ হ্ৰাস পালে Facebook ব্যৱহাৰকাৰীৰ সংখ্যা; কিমান পালে হ্রাস?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 4, 2022 9:00 am
facebook-data-leak-750x375

জনপ্ৰিয় ছচিয়েল মিডিয়া ছাইট ফেচবুকে হেৰুৱাইছে ইয়াৰ অনুৰাগী।বিগত কেইমাহ ধৰি হ্ৰাস পাইছে ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা। বিগত ১৭ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এইদৰে হ্ৰাস পাইছে ফেচবুক ইউজাৰৰ সংখ্যা।

মেটা-ৰ প্ৰতিবেদন অনুসৰি, ফেচবুকত ২০২১ৰ চতুৰ্থ কোৱাৰ্টাৰটোত ইয়াৰ প্ৰায় ৫লাখ দৈনিক ইউজাৰ হ্ৰাস পাইছে। অৱশ্যে এইটোৱে ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা অস্বীকাৰ কৰা হৈছে। কিয়নো ফেচবুকৰ বৰ্তমান ইউজাৰৰ সংখ্যা হৈছে ১.৯৩বিলিয়ন।

কিন্তু ফেচবুকৰ ইতিহাসত এয়া প্ৰথমবাৰৰ বাবে হ্ৰাস পোৱাৰ ঘটনা ঘটিছে। জন্মকালৰ পৰা ইয়াৰ ইউজাৰৰ সংখ্যা হ্ৰাস পোৱাটো দূৰৰে কথা, ক্ৰমে বৃদ্ধিহে পাই আহিছিল।

লগতে পঢ়ক: হাইস্কুলৰ ৬২৯৩ টা স্নাতক শিক্ষক পদৰ মেধা তালিকাত হোৱা গুৰুতৰ বিসংগতি দূৰ কৰকঃ ডি ৱাই এফ আই

‘দ্য ভাৰ্জ’ৰ প্ৰতিবেদন অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰতে ফেচবুকৰ আটাইকৈ বেছি ইউজাৰ হ্ৰাস পাইছে। ইয়াতেই ফেচবুকে বিজ্ঞাপনৰ জৰিয়তে সৰ্বাধিক উপাৰ্জন কৰে। অৱশ্যে, মেটাৰ আন এপবোৰ-হোৱাটছএপ তথা ইনষ্টাগ্ৰামৰ ইউজাৰৰ সংখ্যা স্বাভাৱিকভাৱে বৃদ্ধি পাই আছে।

জানিব পৰা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বিগত কেইবছৰ ধৰি ফেচবুকৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। ইয়াৰ বিপৰীতে ইউজাৰে ফেচবুকৰ একাউন্ট থাকিলেও টুইটাৰ, ইনষ্টাগ্ৰাম, টিকটকত অধিক সক্ৰিয় থাকে। ফেচবুকৰ গোপনীয়তাৰ কাৰণে বহুতে ইয়াৰ ব্যৱহাৰ কমাইছে।

লগতে পঢ়ক:দিল্লীৰ ঘৰ বিক্ৰী কৰিলে অমিতাভ বচ্চনে; দাম শুনিলেই চকু কপালত উঠিব আপোনাৰ!

বুধবাৰে মেটা-ৰ কোৱাৰ্টাৰ ৰিপ’ৰ্টত সংস্থাটোৰ খৰচ বৃদ্ধিৰ কথা উল্লেখ কৰা হৈছে। ইতিমধ্যে শ্বেয়াৰ বজাৰত ইয়াৰ প্ৰভাৱ পৰিছে আৰু একেবাৰতে মেটাৰ শ্বেয়াৰ ২২.৯শতাংশ পতন ঘটিছে।ইয়াৰ ফলত সংস্থাটোৰ মুঠ ভেল্যুৱেশ্যন প্ৰায় ২০০ বিলিয়ন ডলাৰ হ্ৰাস পায়।