• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইস্কুলৰ ৬২৯৩ টা স্নাতক শিক্ষক পদৰ মেধা তালিকাত হোৱা গুৰুতৰ বিসংগতি দূৰ কৰকঃ ডি ৱাই এফ আই

বি টি এ ডিৰ শিক্ষক নিযুক্তিত হোৱা বৃহৎ অনিয়মৰ পাছতো শিক্ষা নহ’ল অসম চৰকাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2022 7:48 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইস্কুলৰ ৬,২৯৩ টা স্নাতক শিক্ষক পদৰ নিযুক্তিৰ বাবে বুধবাৰে প্ৰকাশ কৰা মেধা তালিকাখনত গুৰুতৰ বিসংগতিৰে ভৰা বুলি অভিযোগ উঠিছে৷ এই বিসংগতি শীঘ্ৰে আঁতৰ কৰি প্ৰকৃত মেধাৰ ভিত্তিত নতুন তালিকা প্ৰকাশ কৰিবলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছে৷

আৱেদনকাৰী ক্ষুব্ধ প্ৰাৰ্থীয়ে ডি ৱাই এফ আইৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি বিজ্ঞাপনৰ সময়ত মাধ্যমিক শিক্ষা সঞ্চালকালয়ে যিবোৰ চৰ্ত উল্লেখ কৰিছিল সেইবোৰ দেখদেখ কৈ উলংঘা হৈছে৷

কিছুদিন পূৰ্বে বি টি এ ডি হাইস্কুল শিক্ষক নিযুক্তিত গুৰুতৰ অনিয়ম পোহৰলৈ অহাৰ পাছতো কোনো শিক্ষা নল’লে অসম চৰকাৰ কিম্বা শিক্ষা বিভাগে; যাৰ পৰিণতি স্বৰূপেই পুনৰ বৃহৎ অনিয়ম সংঘটিত হ’বলৈ পালে৷

Apply Now

লগতে পঢ়ক: দেশত শিক্ষানুষ্ঠান পুনৰ মুকলিৰ বাবে নিৰ্দেশনা জাৰি শিক্ষা মন্ত্ৰালয়ৰ

উল্লেখ্য যে স্বচ্ছ  আৰু নিকা প্ৰশাসনৰ শ্লোগান দিয়া চৰকাৰৰ সুৰতেই অসম মাধ্যমিক শিক্ষা বিভাগেও স্বচ্ছতাৰ শ্লোগান দি উক্ত পদৰ বাবে আবেদন কৰা প্ৰতিজন প্ৰাৰ্থীৰ জিলাভিত্তিক ভেৰিফিকেশ্বন কৰিছিল৷

আজিৰ ডিজিটেল যুগতো কোভিডৰ প্ৰতিকূলতাকো নেওচি অসমৰ  ইমূৰৰ পৰা সিমূৰলৈ গৈ অশেষ কষ্ট আৰু টকা-পইচা খৰচ কৰি শিক্ষা বিভাগৰ লগত তেওঁলোকে সহযোগিতা কৰিছিল৷

প্ৰায় ২০/২৫ দিনৰ মূৰত ভেৰিফিকেশ্বন প্ৰক্ৰিয়া সমাপ্ত হৈছিল৷ আনকি বহু প্ৰাৰ্থীয়ে কোলাত কেচুৱা লৈও জিলাই জিলাই ঘূৰিবলগীয়া হৈছিল৷ কিন্তু ইমানৰ পাছতো শিক্ষা বিভাগে সমগ্ৰ প্ৰক্ৰিয়াটোত স্বচ্ছতা আনিব নোৱাৰিলে৷ এই অকৰ্মণ্যতাৰ বাবেই অভিজ্ঞতাৰ নম্বৰ দিয়াৰ ক্ষেত্ৰত যথেষ্ট ত্ৰুটি ৰৈ গ’ল৷

লগতে পঢ়ক:নিৰ্বাচনী হিংসা! উত্তৰ প্ৰদেশত আছাদুদ্দিন ওৱেছিৰ গাড়ীলৈ লক্ষ্য কৰি চলিল গুলী

একেদৰে পূৰ্বে নিযুক্তি পোৱা বা পূৰ্বৰ বাচনি তালিকাত নাম অহা বহু প্ৰাৰ্থীৰ নাম এইবাৰৰ তালিকাতো আহিল৷ বিজ্ঞাপনৰ সময়ত প্ৰকাশ কৰা নিয়ম অনুসৰি পূৰ্বে নিযুক্তি পোৱা বা বাচনি তালিকাত নাম অহা প্ৰাৰ্থীয়ে একেই পদত তিনি বছৰলৈ আবেদন কৰিব নোৱাৰিব৷

আশ্চৰ্যকৰ কথা হৈছে অভিজ্ঞতাৰ নম্বৰ লাভ কৰা বহু প্ৰাৰ্থীয়ে নিজৰ অভিজ্ঞতাৰ নম্বৰ কৰ্তন কৰিবলৈ আহ্বান জনাইছে৷ আনহাতে, বি এডৰ প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ, আৰ্থিকভাৱে পিচপৰা শ্ৰেণীৰ (ই ডব্লিউ এছ) প্ৰমাণ পত্ৰৰ নামতো বিসংগতি হোৱাৰ অভিযোগ উঠিছে৷

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে বি টি এ ডিৰ হাইস্কুল শিক্ষক নিযুক্তি, এল পি- ইউ পি টে’ট পৰীক্ষাৰ ফলাফলৰ  বিসংগতিৰ পাছত পুনৰ হাইস্কুল শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো গুৰুতৰ অনিয়ম হৈছে৷ এয়া শিক্ষা বিভাগ আৰু স্বচ্ছতাৰ প্ৰতিশ্ৰুতি দিয়া অসম চৰকাৰৰ বাবে লজ্জাৰ বিষয়৷

লগতে পঢ়ক:আগষ্টত চন্দ্ৰযান-৩ উৎক্ষেপন কৰিব ভাৰতীয় মহাকাশ আৰু গৱেষণা সংস্থাই

চৰকাৰ আৰু বিভাগৰ এই দায়িত্বহীন কাম-কাজে স্বাভাৱিকতে  চাকৰী প্ৰাৰ্থী, শিক্ষিত যুৱক-যুৱতী সকলোকে আশাহত কৰা বুলি উল্লেখ কৰি ডি ৱাই এফ আয়ে এই অনিয়ম শীঘ্ৰে আঁতৰ কৰাৰ দাবী জনাইছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd