“আদালতৰ সময় নষ্ট নকৰিব- বিপৰীত মত থাকিলে নিজাকৈ ছবি নিৰ্মাণ কৰক!” ৰণবীৰ কাপুৰ অভিনীত ‘ৰামায়ণ: ৰাইজ অৱ এ লেজেণ্ড’ৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ জৰুৰী শুনানি শুকুৰবাৰে অস্বীকাৰ কৰি এনেদৰেই তীক্ষ্ণ মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। পৌৰাণিক তথ্য বিকৃত কৰাৰ অভিযোগেৰে দাখিল কৰা এই আৱেদনৰ জৰুৰী প্ৰয়োজনীয়তাক লৈও শীৰ্ষ আদালতে প্ৰশ্ন উত্থাপন কৰে।
শুনানিৰ সময়ত আৱেদনকাৰীৰ অধিবক্তাই বিচাৰপীঠক জনায় যে যোৱা ২৩ নৱেম্বৰত আৱেদনখন পঞ্জীয়ন কৰা হৈছিল যদিও এতিয়ালৈকে শুনানিৰ বাবে তালিকাভুক্ত হোৱা নাই। ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “ছবিখন ইতিমধ্যেই মুক্তি পাইছে। যিসকলে চাব বিচাৰিছিল, তেওঁলোকে ইতিমধ্যে চাই পেলাইছে।”
অধিবক্তাগৰাকীয়ে যুক্তি দৰ্শাই কয় যে ছবিখনত মহাকাব্যখনৰ উপস্থাপনত “বহু তথ্য বিকৃত কৰা হৈছে”। ইয়াৰ প্ৰতিক্ৰিয়াত ন্যায়াধীশ বাগচীয়ে কয়, “তেওঁলোকে নিজৰ বুজাবুজি অনুসৰি ছবি নিৰ্মাণ কৰিছে, আপোনালোকেও নিজৰ বুজাবুজি অনুসৰি ছবি নিৰ্মাণ কৰক। আদালতৰ সময় নষ্ট নকৰিব।” একে সুৰতে মুখ্য ন্যায়াধীশ সূৰ্য কান্তয়ো মন্তব্য কৰে, “মহাকাব্যখনক লৈ যদি আপোনাৰ বিপৰীত মত আছে, তেন্তে সেই বিপৰীত মতক লৈ এখন ছবি নিৰ্মাণ কৰক। আদালতৰ সময় অপচয় নকৰিব।” অধিবক্তাগৰাকীয়ে পুনৰ শীঘ্ৰে শুনানিৰ বাবে অনুৰোধ জনোৱাত বিচাৰপীঠে গোচৰটো যথাসময়ত তালিকাভুক্ত কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে।
উল্লেখযোগ্য যে ছবি নিৰ্মাতাসকলে ৰামায়ণৰ উপস্থাপনত পৌৰাণিক তথ্য বিকৃত কৰা বুলি আৱেদনখনত অভিযোগ উত্থাপন কৰা হৈছে। নিতেশ তিৱাৰীৰ পৰিচালনা আৰু নমিত মালহোত্ৰাৰ প্ৰযোজনাত নিৰ্মিত ‘ৰামায়ণ: ৰাইজ অৱ এ লেজেণ্ড’ যোৱা ৫ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছিল। ছবিখনত ভগৱান ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ, সীতাৰ চৰিত্ৰত ছাই পল্লৱী আৰু ৰাৱণৰ চৰিত্ৰত যশে অভিনয় কৰিছে। ইয়াৰ উপৰি ছানী দেওল, ৰবি ডুবে, লাৰা দত্ত, অৰুণ গোভিল, কাজল আগৰৱাল, ৰকুল প্ৰীত সিং আৰু বিবেক অবেৰয়কো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা গৈছে।





