NORTHEAST NOW (Assamese)
অসম

নেঘেৰিবিলৰ অসম-নাগালেণ্ড সীমান্তত উত্তেজনা বৃদ্ধি…

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 24, 2025 7:12 pm

লশেহতীয়াকৈ অসমৰ উচ্ছেদ অভিযানত দখলকাৰীৰ পৰা মুকলি কৰা বিবাদিত ভূমিত নাগালেণ্ড আৰক্ষীয়ে অস্থায়ী শিবিৰ স্থাপন কৰাৰ পাছতে অসম-নাগালেণ্ড সীমান্তৰ নেঘেৰিবিলত বৃদ্ধি পাইছে উত্তেজনা৷ স্থানীয় লোকে নাগালেণ্ড কৰ্তৃপক্ষই ডিমাপুৰ চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে, য’ত বিবাদিত অঞ্চলত আৰক্ষী শিবিৰ নিষিদ্ধ কৰা হৈছিল। হস্তক্ষেপ নকৰাৰ বাবে অসম চৰকাৰক সমালোচনা কৰে।

অসমে ১৪৬টা পৰিয়ালক মাটিৰ পৰা উচ্ছেদ কৰে যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদ অভিযানত স্থগিতাদেশ জাৰি কৰাত ৬৯টা পৰিয়ালৰ উচ্ছেদ হোৱাৰ পৰা সাময়িক ভাবে হ’লেও ৰেহাই পায়। দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ পূৰ্বে শুকুৰবাৰে নাগালেণ্ড আৰক্ষীয়ে সেই ঠাইত শিবিৰ স্থাপন কৰে। এজন গাঁৱৰ মানুহে কয়, “এয়া চুক্তিৰ স্পষ্ট উলংঘা। নাগালেণ্ডে মাটি জৰীপ কৰাৰ সময়ত অসম আৰক্ষীয়ে একো নকৰে।”

প্ৰাপ্ত তথ্য অনুসৰি দুয়োখন ৰাজ্যৰ বিষয়াসকলৰ মাজত হোৱা বৈঠকৰ অন্তত, ৰেংমা সংৰক্ষিত বনাঞ্চলত যৌথ বনানীকৰণ কাৰ্যসূচী বাতিল কৰাৰ পিছতে এই ঘটনা সংঘটিত হৈছে। স্থানীয় ৰাইজৰ সুৰক্ষাৰ বাবে অসম আৰক্ষী শিবিৰ স্থাপনৰ দাবী কৰা লগতে বাসিন্দাসকলে অসম চৰকাৰক নাগালেণ্ড আৰক্ষীৰ বিৰুদ্ধে ব্যস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।