NORTHEAST NOW (Assamese)
দেশ

গৰ্ভধাৰণৰ অজুহাতত নিঃসন্তান মহিলাক ধ*ৰ্ষণ! উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ তান্ত্ৰিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 24, 2025 7:59 pm

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গৰ্ভধাৰণৰ তান্ত্ৰিক চিকিৎসাৰ নামত তান্ত্ৰিকে ধৰ্ষণ কৰিলে এগৰাকী মহিলাক। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ধৃত তান্ত্ৰিকক।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিবাহৰ ৮ বছৰ পিছতো মহিলাগৰাকীৰ সন্তান জন্ম হোৱা নাছিল। চিকিৎসা গ্ৰহণ কৰিও সুফল পোৱা নাছিল পৰিয়ালটোৱে। যাৰ ফলত শেষ উপায় হিচাপে তান্ত্ৰিকগৰাকীৰ কাষ চাপিছিল মহিলাগৰাকী।

অভিযোগ অনুসৰি শনিবাৰে অভিযুক্ত তান্ত্ৰিক মুস্তাক আলীয়ে (৪৫) মহিলাগৰাকীক গৰ্ভধাৰণত সহায় কৰিব বুলি আশ্বাস দিছিল। ইয়াৰ পিছত সুযোগ বুজি ধৰ্ষণ কৰে।

ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত অধিক তদন্ত কৰা হব।