NORTHEAST NOW (Assamese)
দেশ

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 25, 2025 8:40 am

হায়দৰাবাদত সংঘটিত হৈছে এক শীতল হত্যাকাণ্ড। পাঁচ মহীয়া গৰ্ভৱতী মহিলাক স্বামীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

তেওঁৰ স্বামীয়ে মৃত মহিলাগৰাকীৰ মৃতদেহৰ বিভিন্ন অংশ সৰু সৰুকৈ কাটি নদীত ওপঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় ৪:৩০ বজাত হায়দৰাবাদৰ মেডিপল্লী অঞ্চলত সংঘটিত হয় এই ঘটনা। ২৭ বছৰীয়া এজন গাড়ী চালকে ২১ বছৰীয়া পত্নীক ডিঙি চেপি হত্যা কৰে। জনা যায় যে পাৰিবাৰিক বিবাদৰ বাবে দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল।

মলকাজগিৰিৰ ডিচিপি পিভি পদ্মজাই সাংবাদিকৰ আগত কয় যে হত্যাকাণ্ডৰ পিছত যুৱকজনে চোকা অস্ত্ৰৰে পত্নীৰ মৃতদেহটো সৰু সৰুকৈ কাটি অপৰাধটো ঢাকি ৰাখিবলৈ চেষ্টা কৰে। প্ৰথাপসিংৰাম অঞ্চলৰ মুছি নদীত তেওঁ মূৰ, ভৰি আৰু হাতৰ টুকুৰা উটুৱাই দিয়ে আৰু বাকী মৃতদেহটো নিজৰ ঘৰৰ এটা ট্ৰাংকত লুকুৱাই ৰাখে।

যুৱকজনে শৰীৰৰ অংগসমূহ প্লাষ্টিকত ভৰাই তিনি ঠাইৰ পৰা নদীত পেলাই দিয়ে। তাৰ পাছত ভগ্নীক ফোন কৰি কয় যে তেওঁৰ পত্নী নিৰুদ্দেশ হৈছে। সন্দেহত ভগ্নীয়ে লগে লগে আত্মীয়ক খবৰ দিয়ে আৰু যুৱকজনক খৰধৰকৈ থানালৈ লৈ যোৱা হয়।

আনকি পত্নীৰ নিৰুদ্দেশৰ কথাও তেওঁ আৰক্ষীৰ আগত প্ৰমাণ কৰিবলৈ চেষ্টা কৰে। অৱশ্যে ডিচিপিয়ে জনোৱা মতে, বাৰে বাৰে জেৰাৰ অন্তত অৱশেষত যুৱকজনে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। তেওঁৰ ঘৰৰ পৰা বাকী শৰীৰৰ অংগসমূহো উদ্ধাৰ কৰা হৈছে। নদীত নিক্ষেপ কৰা মৃতদেহৰ অংগ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰা হৈছে। অৱশ্যে এই পৰ্যন্ত একো পোৱা নাই। যুৱকজনৰ বিৰুদ্ধে হত্যা আৰু প্ৰমাণ ধ্বংস ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীৰ জিম্মাত লোৱা হৈছে।