NORTHEAST NOW (Assamese)
অসম

টীয়কত পুনৰ অখিল গগৈৰ মুক্তি বিচাৰি কৃষক মুক্তিৰ মানৱ শৃংখল

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 20, 2020 5:45 pm

বিজেপি নেতৃত্বাধীন চৰকাৰ খনে আজি প্ৰায় সাত মাহ আক্ৰোশ মূলকভাবে কৃষক নেতা অখিল গগৈক বন্দী কৰি ৰখাৰ প্ৰতিবাদত আজি টীয়কত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে মানৱ শৃংখলৰ যোগেদি  প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ টীয়কৰ সকলো আঞ্চলিকতে এই প্ৰতিবাদৰ কায্যসূচী হাতত লৈছে বুলি জানিব পৰা যায়।

সদস্য সকলে হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত অংশগ্ৰহণ কৰি অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক, অখিল গগৈ জিন্দাবাদ, বিজেপি চৰকাৰ মুর্দাবাদ, বিজেপি চৰকাৰ নিপাত যাওক আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱালে এন আই এৰ গোচৰত জামিন লাভ কৰিছে।