NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না আক্ৰান্ত হৈ অসম আৰক্ষীৰ আন এগৰাকী জোৱানৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 20, 2020 5:43 pm

অসম আৰক্ষীৰ আন এগৰাকী কৰ্তব্যৰত জোৱানৰ আজি কোভিড-১৯ৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

মৃত্যু হোৱা অসম আৰক্ষীৰ জোৱান গৰাকীৰ নাম এন কে ৰাজেশ নাৰ্জাৰী।

এন কে ৰাজেশ নাৰ্জাৰীৰ সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত মৃত্যু হয়।

ক’ৰ’না আক্ৰান্ত হোৱা নৱম এ পি বি এনৰ এন কে ৰাজেশ নাৰ্জাৰীক ৪ জুলাইত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

এ ডি জি পি (ল’ এণ্ড অৰ্ডাৰ) জি পি সিঙে আৰক্ষী জোৱান গৰাকীৰ মৃত্যুৰ খবৰ টুইট কৰি জনায়।

”দুখজনক যে অসম আৰক্ষীৰ পৰিয়ালৰ নৱম এপিবিএনৰ এন কে ৰাজেশ নাৰ্জাৰীয়ে বিগত ৪ জুলাইৰ পৰা জি এম চি এইচত ক’ৰ’না আক্ৰান্ত হৈ ভৰ্তি হৈ আছিল। তেওঁ আই চি য়ুত আছিল আৰু দুখজনকভাৱে আজি আমাক সকলোকে এৰি তেওঁ গুচি যায়। তেওঁৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো,” জি পি সিঙে এনেদৰে টুইট কৰে।

উল্লেখযোগ্য যে, অসম আৰক্ষীৰ এই পৰ্যন্ত ৮৬৯ গৰাকী জোৱান ক’ৰ’না আক্ৰান্ত হৈছে আৰু ইয়াৰ ভিতৰত বৰ্তমানলৈ মুঠ ৪৮৪ গৰাকীয়ে চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰিছে।