NORTHEAST NOW (Assamese)
অসম

স্বাস্থ্যখণ্ডত সংযোজন হ’ল ৭৫ খন ১০৮ মৃত্যুঞ্জয়ৰ লগতে এখন নৌকা এম্বুলেঞ্চ

Posted by: কল্পজ্যোতি শইকীয়া June 7, 2018 6:43 pm
c530d79f-9579-474e-a274-23f4fe0241f0

ৰাজ্যত ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনসমূহ মৃত্যুমুখী হোৱা বুলি সঘনাই চৰ্চিত হৈ থকাৰ সময়তে আজি এই সেৱাৰ সৈতে নতুনকৈ সংযোজিত হৈছে ৭৫ খন নতুন মৃত্যুঞ্জয় এম্বুলেন্স আৰু এখন নৌকা মৃত্যুঞ্জয় এম্বুলেন্স।

২০১৮-১৯ বৰ্ষৰ ৰাজ্যিক বাজেটত ঘোষণা কৰা ১৫০ খন নতুন মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱাৰ ৭৫ খন এম্বুলেন্স আৰু গুৱাহাটীৰ পৰা উত্তৰ-গুৱাহাটী সংযোগী এখন নাইট ভিজন নৌকা এম্বুলেন্স সেৱাৰ আনুষ্ঠানিকভাবে আজি শুভাৰম্ভনি কৰে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই।

উল্লেখযোগ্য যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়ন সাধন কৰাৰ লক্ষ্যৰে প্ৰথমবাৰৰ বাবে ২০০৮ চনত এই মৃত্যুঞ্জয় ১০৮ সেৱা আৰম্ভ কৰা হৈছিল।

মন্ত্ৰী হিমন্তই লগতে অকপটে স্বীকাৰ কৰি কয় ‘মৃত্যুঞ্জয় সেৱা প্ৰৱৰ্তন কৰা হোৱাৰ পাছত ২০১৩-১৪ বৰ্ষত নতুনকৈ এখনো এম্বুলেন্স কিনা হোৱা নাছিল। যাৰ ফলত এনেকুৱা এটা অৱস্থা আহি পাইছিল যে ৩৮০ খন এম্বুলেন্সৰ ২০০ খন এম্বুলেন্সেই বেয়া অথবা মেৰামতিৰ বাবদ এম্বুলেন্স কেইখন পৰি থাকিল গেৰেজত। উক্ত সময়ছোৱাত এই সেৱাৰ অৱনতি ঘটিছিল যদিও ইয়াৰ উত্তৰণৰ বাবে চলোৱা হোৱা নাছিল কোনো ধৰণৰ প্ৰচেষ্টা।‘

a3a139f7-cf7f-4077-92ed-e2a3f0733807

উল্লেখ্য যে যোৱা বৰ্ষৰ পৰা এই সেৱাটো নতুনকৈ উজ্জীৱিত কৰাৰ বাবে প্ৰচেষ্টা হাতত লোৱা বুলি মত পোষণ কৰি মন্ত্ৰী শৰ্মাই কয়, ‘যোৱাবছৰ নৱেম্বৰ মাহত ৯৫ খন অৱনতি ঘটা এম্বুলেন্স আঁতৰাই তাৰ ঠাইত নতুন এম্বুলেন্স সংযোজন কৰা হৈছিল।‘

ইয়াৰ উপৰি পূৰ্বতে ১০৮ এম্বুলেন্স সেৱা ৰোগীৰ ওচৰলৈ গৈ পোৱাত প্ৰায় ৩০ মিনিটৰ প্ৰয়োজন হৈছিল যদিও বৰ্তমানৰ পৰা এই সময় ১৫ মিনিটলৈ হ্ৰাস কৰাৰ চেষ্টা কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে, অহা ৩ মাহৰ ভিতৰত অন্য ৭৫ খন এম্বুলেন্সৰ সেৱা প্ৰৱৰ্তন কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে শৰ্মাই। লগতে এই অনুষ্ঠানতে মন্ত্ৰী হিমন্তই অহাবছৰৰ পৰা ৰাজ্যৰ স্বাস্থ্যখণ্ডত মৃতদেহ কঢ়িয়াবৰ বাবেও বিনামূলীয়া মৃত্যুঞ্জয় সেৱাৰ সংযোজন কৰা হ’ব বুলি জনায়।