NORTHEAST NOW (Assamese)
অসম

চীন,মংগোলিয়াৰ পাছত এইবাৰ ৰাছিয়াত মাৰাত্মক বুবোনিক প্লেগৰ আতংক!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 4:18 pm
0014c3fa-800

চীন আৰু মংগোলিয়াৰ পাছত এইবাৰ মাৰাত্মক বুবোনিক প্লেগৰ আতংক বিয়পি পৰিছে ৰাছিয়াত।

মংগোলিয়াৰ সৈতে সংলগ্ন দুৰ্গম পুৰ্বাঞ্চলত বুধবাৰে ইয়াৰ স্থানীয় প্ৰশাসনে এন্দুৰ জাতীয় প্ৰাণীৰ ওপৰত পৰীক্ষা আৰম্ভ কৰিছে।

বুবোনিক প্লেগৰ বেক্টেৰিয়া বহন কৰাৰ সম্ভাৱনালৈ চাই এই প্ৰাণীসমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ লোৱা হৈছে।

বিগত সপ্তাহত মংগোলিয়াত বুবোনিক প্লেগৰ দুটা ঘটনা পোহৰলৈ আহিছিল।

ইয়াৰ পাছতে প্ৰশাসনে ছাইবেৰিয়া অঞ্চলৰ বাসিন্দাসকলক এন্দুৰ ধৰা বা ইয়াৰ মাংস নাখাবলৈ আহ্বান জনাইছে।

ৰাছিয়াৰ পূব ছাইবেৰিয়া এলেকাত এন্দুৰ জাতীয় বিশেষকৈ পাহাৰীয়া এন্দুৰৰ ওপৰত পৰীক্ষা চলোৱাৰ কথা জানিবলৈ দিছে ৰাছিয়াৰ খাদ্যৰ মান নিয়য়ন্ত্ৰক সংস্থা ৰছপটৰেবনাদজৰ (Rospotrebnadzor)য়ে।

প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়া মতে যদিও এতিয়ালৈ পৰীক্ষা কৰা সকলোবোৰ ফলাফল নিগেটিভ আহিছে, তথাপি প্ৰশাসন সম্পূৰ্ণ আশ্বস্ত হ’ব পৰা নাই।

ইপিনে, চীনে চৰকাৰীভাৱে প্লেগটোৰ বিষয়ে ঘোষণা কৰাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাও সজাগ হৈ পৰিছে। সংস্থাটোৱে গোটেই পৰিস্থিতিটোৰ ওপৰত দৃষ্টি ৰখাৰ কথা জানিবলৈ দিছে।

এক ভয়ংকৰ বেক্টেৰিয়া সংঘটিত ৰোগ হৈছে এই বুবোনিক প্লেগ। কোনো এজন প্ৰাপ্ত বয়স্ক লোকৰ ২৪ঘন্টাৰ ভিতৰত উপযুক্ত চিকিৎস নহ’লে মৃত্যুও হ’ব পাৰে।

চীনত এই ৰোগৰ দুটা ঘটনা পোহৰলৈ অহাৰ পাছত অনুৰূপ ঘটনাৰ কথা মংগোলিয়াতো ঘটিছে।

সেয়েহে, ৰাছিয়াই সেই দেশৰ সৈতে থকা সীমান্ত বিশেষ সতৰ্কতা জাৰি কৰিছে।

দেশখনে সজাগতা সৃষ্টিৰ লগে লগে প্ৰচাৰৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে।