NORTHEAST NOW (Assamese)
Popular Stories

এন টি এৰ পৰাই নিটৰ প্ৰশ্নকাকত ফাদিল হৈছিল! আদালতত চি বি আইৰ চাঞ্চল্যকৰ দাবী

May 15, 2026 3:59 pm
এন টি এৰ পৰাই নিটৰ প্ৰশ্নকাকত ফাদিল হৈছিল! আদালতত চি বি আইৰ চাঞ্চল্যকৰ দাবী

ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা বা এন টি এৰ ভিতৰৰ পৰাই হয়তো নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে। দিল্লীৰ এখন আদালতত চি বি আয়ে এই চাঞ্চল্যকৰ দাবী কৰিছে। মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ হোৱা আয়ুৰ্বেদিক চিকিৎসক শুভম খাইৰনাৰৰ কথা উল্লেখ কৰি চি বি আয়ে কয় যে পুনেৰ যিজন ব্যক্তিৰ পৰা শুভমে প্ৰশ্নকাকত কিনিছিল, তেওঁৰ লগত এন টি এৰ কোনো ব্যক্তিৰ সম্পৰ্ক থকাৰ সন্দেহ কৰা হৈছে।

এন টি এৰ ভিতৰত সোমাই থকা এই অপৰাধীসকলক বিচাৰি উলিয়াবলৈ চি বি আয়ে বৰ্তমান জোৰদাৰ তদন্ত চলাই আছে। সংস্থাটোৱে এন টি এৰ বহুতো বিষয়া আৰু অন্যান্য চৰকাৰী প্ৰতিষ্ঠানৰ সন্দেহযুক্ত ব্যক্তিক চিনাক্ত কৰাৰ কাম কৰি আছে। প্ৰয়োজন হলে এই লোকসকলক আটক কৰি জেৰা কৰা হব আৰু গ্ৰেপ্তাৰো কৰা হব পাৰে। ইতিমধ্যে চি বি আয়ে তিনিখন বেলেগ বেলেগ ৰাজ্যৰ পৰা সাতজন অভিযুক্তক নিজৰ জিম্মাত লৈছে। যোৱা চৌবিশ ঘণ্টাত চি বি আয়ে চৈধ্যখন ঠাইত তালাচী চলোৱাৰ লগতে প্ৰমাণ বিচাৰি এন টি এৰ মুখ্য কাৰ্যালয়ৰ পৰা বহুতো মোবাইল ফোনো জব্দ কৰিছে। বৰ্তমান এই ফোনবোৰৰ কল ৰেকৰ্ড পৰীক্ষা কৰি থকা হৈছে।

ইফালে বাতিল হোৱা নিট পৰীক্ষা অহা তিনি জুনত পুনৰ অনুষ্ঠিত হব বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ঘোষণা কৰিছে। এই সমগ্ৰ ঘটনাৰ পাছত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰশ্নকাকত ফাদিল হোৱাৰ দায়িত্ব স্বীকাৰ কৰে। তেওঁ এই ঘটনাত শিক্ষা মাফিয়া জড়িত থকাৰ কথাও উল্লেখ কৰে। ইয়াৰ বিপৰীতে বিৰোধী দলসমূহে প্ৰশ্ন কৰিছে যে এনেকৈ বছৰে বছৰে প্ৰশ্নকাকত ফাদিল হোৱাটো কেনেকৈ সম্ভৱ। বাৰে বাৰে এনে ডাঙৰ পৰীক্ষাত বহিবলগীয়া হলে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক আৰু শাৰীৰিক কষ্ট হয় বুলিও বিৰোধীয়ে মত প্ৰকাশ কৰে।

সংবাদমেলত এন টি এৰ কৰ্মচাৰী জড়িত থকাৰ বিষয়ে সোধা এক প্ৰশ্নৰ উত্তৰত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে চি বি আই এটা বিশ্বাসযোগ্য সংস্থা আৰু তেওঁলোকে ইয়াৰ অতি সূক্ষ্মভাৱে তদন্ত কৰিব। লগতে তেওঁ এক গুৰুত্বপূৰ্ণ ঘোষণা কৰি কয় যে এনে ঘটনা যাতে পুনৰ নহয়, তাৰ বাবে অহা বছৰৰ পৰা নিট পৰীক্ষা সম্পূৰ্ণৰূপে অনলাইন যোগে অনুষ্ঠিত কৰা হব। প্ৰশ্নকাকত ফাদিল হোৱা ৰোধ কৰিবলৈকে এই পৰীক্ষাৰ সমগ্ৰ ব্যৱস্থাত এনে ডাঙৰ পৰিৱৰ্তন অনাৰ সিদ্ধান্ত লোৱা হৈছে।