NORTHEAST NOW (Assamese)
অসম

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৫৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

Posted by: মিণ্টু দাস November 18, 2018 7:21 am
nagaon schoolphoto

অসমৰ অন্যতম প্ৰাচীন শিক্ষানুষ্ঠান, ১৫৪ বছৰ গৰকা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসটি আজি উদযাপন কৰা হয়। শনিবাৰে পুৱা ৯ বজাত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গংগাবল্লভ গোস্বামীয়ে পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰা হয়। স্মৃতি তৰ্পন কৰে বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে।

পুৱা ১০ বজাত নগাঁও চহৰত এটি সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্টিত মুকলি সভাত সাহিত্যিক তথা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ  ভদ্ৰেশ্বৰ ৰাজখোৱা, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰ প্ৰাপ্ত অধ্যক্ষ শিক্ষাবিদ বিমল চন্দ্ৰ বৰাই অংশগ্ৰহণ কৰে।

এই সভাতেই বিদ্যালয়খনৰ কৃতী ছাত্রসকলক ‘সহপাঠী বন্ধু সমাৰোহ- ৫৯’, পূৰ্ণকান্ত ৰাজখোৱা বঁটা, ঘুনুছা ৰাজখোৱা বঁটা, কেপ্তেইন থানেশ্বৰ শৰ্মা পৰাশৰ বঁটা, দীপ্তি গোস্বামী বঁটা প্ৰদান কৰা হয়।

দিনৰ এক বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত গীত, মাত, নৃত্য আদিৰে ছাত্ৰ, শিক্ষক-শিক্ষয়িত্ৰীসকলে পৰিবেশন কৰাৰ উপৰি বিশেষকৈ বিদ্যালয়ৰ শিক্ষয়িত্রীসকলে পৰিবেশন কৰা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নৃত্যই উপস্থিত দৰ্শকক আপ্লুত কৰে।

সামৰণী ভাষণত অধ্যক্ষা দীপিকা লস্কৰে ছাত্র, শিক্ষক-শিক্ষয়িত্রী আৰু অভিভাৱকসকলে প্ৰদৰ্শন কৰা উৎসাহ-উদ্দীপনা, সহযোগিতাৰ শলাগ লয় আৰু ডেৰ শতিকা অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত বিদ্যালয়খনিৰ জয়যাত্রা অক্ষুন্ন ৰখাৰ বাবে সকলোকে আহ্বান জনায়।