NORTHEAST NOW (Assamese)
অসম

দুখীয়া আৰু অসহায় পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ চাৰি যুৱকৰ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা April 8, 2020 11:58 am
IMG-20200407-WA0014

কলিয়াবৰৰ ভিতৰুৱা গ্ৰামাঞ্চল সমূহত বসবাস কৰা দুখীয়া অসহায় পৰিয়াললৈ অত্যাৱশ্যকীয়  খাদ্য সামগ্ৰী বিতৰণ কৰি মানৱতাৰ পৰিচয় দাঙি ধৰিছে চাৰিজন যুৱকে।

আজি কলিয়াবৰৰ বৰালিগাঁৱৰ ৰিদিপ শৰ্মা, আশীষ দাস, সঞ্জীত বিশ্বাস আৰু তাটোল বিশ্বাস নামৰ চাৰি যুৱকৰ প্ৰচেষ্টাত কলিয়াবৰৰ বামুনি, নিজৰি গাঁৱৰ প্ৰায় ৫০ ঘৰ দুখীয়া আৰু অসহায় পৰিয়ালক কেঁচা শাক পাচলি আৰু গেলামালৰ সামগ্ৰী প্ৰদান কৰে।

কলিয়াবৰৰ বৰালিগাঁৱৰ চাৰি যুৱকৰ এই খাদ্য সামগ্ৰী বিতৰণত মিছা আৰক্ষীৰ হৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোবিন্দ দাসে অংশগ্ৰহণ কৰি যুৱক সকলক উৎসাহিত কৰে।

লকডাউনৰ সময়ছোৱাত “নৰ্থ-ইষ্ট নাও”ৰ কলিয়াবৰৰ সংবাদকৰ্মী ৰিদিপ শৰ্মাৰ নেতৃত্বত এই চাৰি যুৱকে প্ৰায় ৫০ টা পৰিয়াললৈ চাউল, দাইল, আলু, নিমখ, তেল তথা অন্যান কেঁচা খাদ্য সামগ্ৰী বিতৰণ কৰি  যি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিলে তাৰ বাবে বহুতেই ধন্যবাদ জ্ঞাপন কৰিছে।