NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীলৈ ৰাহুল গান্ধী, জনসভাত বিৰোধী মহাজোঁটৰ হাই প্ৰ’ফাইল নেতা আগমণৰ সম্ভাৱনা

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক February 17, 2019 10:13 pm
Congress chief Rahul Gandhi to address mass rally in Guwahati

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ আগমণৰ পিছতে এইবাৰ জনসভা সম্বোধন কৰিবলৈ ২৬ ফেব্ৰুৱাৰিত গুৱাহাটীলৈ আহিব কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ মুৰব্বী গান্ধীৰ এই জনসভাই উত্তৰ-পূবত বিজেপিবিৰোধী শিবিৰৰ শক্তি প্ৰদৰ্শনৰ মঞ্চ হ’ব বুলি দলটোৰ বক্তব্যৰ পৰা ধাৰণা কৰা হৈছে।

“খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব বিৰোধী মহাজোঁটৰ জনসভা। সভাত দেশৰ কেইবাটাও বিৰোধী ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই অংশ ল’ব,” প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই দেওবাৰে জনায়।

বিজেপিক পৰাভূত কৰাৰ বাবে সভাখন ঐক্যবদ্ধ বিৰোধীৰ প্ৰচাৰ অভিযানৰ “অংশ” হ’ব বুলি বৰাই সদৰী কৰিছে যদিও সেই মঞ্চত আন দলৰ কোন কোন ৰাষ্ট্ৰীয় নেতা সমবেত হ’ব সেই লৈ মুখ খোলা নাই।

অৱশ্যে কংগ্ৰেছৰ এক সূত্ৰ অনুসৰি সভাখনত প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ্চ ডি দেৱগৌড়া আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডু উপস্থিত থকাৰ কথা আছে।

সভাখন প্ৰথমতে ৰাহুল গান্ধীক নাগৰিকত্ব বিধেয়ক প্ৰতিহত কৰাত সফল হোৱাৰ বাবে অভিনন্দন জনাবলৈ আৰু অসমবাসীৰ ধন্যবাদ গ্ৰহণৰ বাবে আয়োজন কৰা হৈছিল যদিও পিছত বিৰোধীৰ ঐক্যবদ্ধ জনসভাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়, বৰাই জানিবলৈ দিয়ে।

জনসভাত ভাগ লোৱাৰ পিছত বিয়লিৰ ভাগলৈ মাছখোৱাৰ আই টি এ’ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত নৰ্থ-ইষ্ট কংগ্ৰেছ ক’-অৰডিনে’চন কমিতিৰ সভাতো কংগ্ৰেছ মুৰব্বীগৰাকী উপস্থিত থাকিব।