NORTHEAST NOW (Assamese)
অসম

মেঘালয়ৰ গৃহমন্ত্ৰীৰ কনভয়ৰ বাহনত দুচকীয়া বাহনৰ খুন্দা, এজনৰ মৃত্যু

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 14, 2022 6:44 pm

মেঘালয়ৰ গৃহ মন্ত্ৰী লাহকমেন ৰিম্বুইৰ কনভয়ত এখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এজন ৪৫ বছৰীয়া ব্যক্তিৰ মৃত্যু ঘটে।

এই ঘটনাত আন এজন লোক গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।

ৰিম্বুই আইন-শৃংখলা সসম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশ ল’বলৈ গৈ আছিল ।

সেই সময়তে বিপৰীত দিশৰ পৰা আহি থকা মটৰ চাইকেল খনে তেওঁৰ কনভয়ত খুন্দা মাৰে।

মেঘালয়ৰ শীৰ্ষ বিষয়া এজনে প্ৰকাশ কৰা মতে এই দুৰ্ঘটনাটো খেৰাৰ ওচৰৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে।

দুৰ্ঘটনাটোত মটৰচাইকেলৰ চালকজনে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে ।

ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

আঘাতপ্ৰাপ্ত লোক জনক উইলিয়ামনগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে বুলি ইষ্ট গাৰো হিলছৰ আৰক্ষী অধীক্ষক ব্ৰুনো এ চাংমাই জানিবলৈ দিছে।