NORTHEAST NOW (Assamese)
অসম

কোভিডত আক্ৰান্ত হ’ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 14, 2022 6:17 pm
কোভিডত আক্ৰান্ত হ’ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ৰাজ্যত কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে কেইবাখনো জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া কোভিডত আক্ৰান্ত হৈছে।

এনে সময়তে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰও কোভিড পজিটিভ হোৱাৰ খবৰ আহিছে।

খবৰ অনুসৰি নগাঁও আৰক্ষী প্ৰশাসনৰ আন কেইবাগৰাকীও বিষয়া কোভিডত আক্ৰান্ত হৈছে।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আজি কোভিড পজিটিভ বুলি চিনাক্ত হোৱাৰ পিছতে তেওঁ কোৱাৰেণ্টাইনত আছে বুলি জানিব পৰা গৈছে।

তেওঁৰ দেহত কোভিডৰ লঘু লক্ষণ কিছুমানে দেখা দিয়া বুলিও জানিব পৰা গৈছে।