NORTHEAST NOW (Assamese)
অসম

সস্তীয়া হ’ব গুৱাহাটীৰ পৰা দক্ষিণ-পূব এছিয়াৰ দেশলৈ বিমান যাত্ৰা

Posted by: এন ই নাও নিউজ August 23, 2018 4:47 pm
flight-pic-1-570x320

‘উড়ে দেশ কা আম নাগৰিক’ (UDAN) আঁচনি প্ৰৱৰ্তন কৰি বিদেশ ভ্ৰমণো সস্তীয়া হোৱাৰ পথত আগবাঢ়িছে। এই আঁচনিৰ অধীনত চৰকাৰে ৰাজসাহায্য প্ৰাপ্ত আঞ্চলিক সংযোগ স্থাপন সম্ভৱ কৰাৰ লগতে  গুৱাহাটীৰ সৈতে ঢাকা, কাঠমাণ্ডু, কুৱালালামপুৰ, য়াংগুন, ছিংগাপুৰ আৰু বেংককক সংযোগ কৰাৰ বাবে আগবাঢ়িছে।

টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে চৰকাৰে ঢাকালৈ কৰা বিমান যাত্ৰাত ২,৩৭০ আৰু ছিংগাপুৰলৈ কৰা বিমান যাত্ৰাত ৭,৮৮০ টকা ৰাজসাহায্য প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে। ইয়ে বিমান টিকটৰ ভাড়া সস্তা কৰিব আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সংযোগ বৃদ্ধি কৰিব।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ৰাজ্য চৰকাৰৰ অনুদানৰ ধনেৰে এটা বিমান সংযোগ পুঁজি গঠন কৰি এই ৰাজসাহায্য আৰম্ভ কৰা হ’ব।

অসামৰিক উড়ন মন্ত্ৰ্যালয়ৰ জাননী অনুসৰি সময়ে সময়ে এই পুঁজিসমূহ ৰাজ্য চৰকাৰ নতুবা ভাৰতীয় বিমানঘাটী প্ৰাধিকৰণৰ পৰ্যায়ত গঠন কৰা হ’ব। ৰাজসাহায্য প্ৰদান কৰাৰ বাবে গঠন কৰা এই এই পুঁজি ‘আছুতীয়া পুঁজি’ হ’ব। মঙলবাৰে অসামৰিক উড়ণ মন্ত্ৰ্যালয়ে এখন পৰামৰ্শ কাতত প্ৰকাশ কৰিছে।