NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না মহামাৰীৰ সময়তো নিজৰ কৰ্তব্য সম্পাদন কৰি থকা ৰাজ্যৰ বনকৰ্মী সকলক পৰিমল শুক্লবৈদ্যৰ আন্তৰিক কৃতজ্ঞতা

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা April 8, 2020 12:28 pm
Parimal Suklabaidya

বনমন্ত্ৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ক’ৰ’না মহামাৰীৰ দুৰ্যোগৰ সময়ত জীৱনক তুচ্ছ কৰি সুচাৰূপে কৰ্তব্য পালন কৰি থকা ৰাজ্যৰ বনবিভাগৰ কৰ্মচাৰী সকলক ধন্যবাদ জনায়।

‘‘এই সময়ছোৱাত আপোনালোকে বন্য প্ৰাণীবোৰক সুৰক্ষা প্ৰদানৰ বাবে যিদৰে কৰ্তব্য পালন কৰিছে সেই পদক্ষেপক বিভাগীয় মন্ত্ৰী হিচাপে মই আদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰিছো,’’ পৰিমল শুক্লবৈদ্যই কয়।

আনহাতে, বন বিভাগৰ কৰ্মচাৰী সকলে কোভিদ-১৯ৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ হকে স্বাস্থ্য বিভাগে বান্ধি দিয়া নীতি-নিৰ্দেশনা অনুসৰি সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত প্ৰচাৰ চলাব লাগে বুলিও কৰ্মচাৰী সকলক শুক্লবৈদ্যই আহ্বান জনায়।

তদুপৰি, ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে এতিয়াৰ পৰা ৰাজ্যৰ আৱকাৰী বিভাগে সুলভ মূল্যত চেনিটাইজাৰ প্ৰস্তুত কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰি বৰ্তমান বজাৰত অধিক মূল্যত চেনিটাইজাৰ বিক্ৰী হৈ আছে বাবে চৰকাৰৰে কম মূল্যত ৰাইজক যোগান ধৰাৰ বাবে এই প্ৰয়াস কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে।

গুৰুত্বপূৰ্ণ কথা এই যে, মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ৰাজ্যবাসীৰ বাবে আৱকাৰী বিভাগে প্ৰস্তুত কৰিব ৫লাখ লিটাৰ হেণ্ড চেনিটাইজাৰ।

বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা হ’ব এই চেনিটাইজাৰ। এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী শুক্ল বৈদ্যই।

মহানগৰীৰ জনতাৰ বাবে হেণ্ড চেনিটাইজাৰ উপলব্ধ হ’ব পাঞ্জবাৰী বিপনণ ক্ষেত্ৰ, বেলতলা লক্ষ্মী মন্দিৰৰ সমীপত জেডিবি ছুপাৰ মাৰ্কেটত।