NORTHEAST NOW (Assamese)
দেশ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 26, 2025 9:27 pm

ৰাহুল গান্ধীয়ে পুনৰ অভিযোগ উত্থাপন কৰে যে নিৰ্বাচনৰ তাৰিখ নিৰ্বাচন আয়োগে নহয় বিজেপিয়েহে নিৰ্ধাৰণ কৰে

বিহাৰত ‘ভোটাৰ ৰাইটছ যাত্ৰাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পুনৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

মধুবনীত এখন ৰাজহুৱা সভাত ৰাহুল গান্ধীয়ে কয় যে নিৰ্বাচনৰ তাৰিখ নিৰ্বাচন আয়োগে নহয় বিজেপিয়েহে নিৰ্ধাৰণ কৰে।

তেওঁ কয়, “যেতিয়া মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাৰ নিৰ্বাচন আহে…তেওঁলোকে প্ৰথমে তাৰিখ সলনি কৰে। প্ৰধানমন্ত্ৰীয়ে সিদ্ধান্ত লয় কোন নিৰ্বাচন আয়ুক্ত হ’ব।”

ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে, “বিজেপিয়ে ‘ভোট চুৰি’ কৰিছে, সেইবাবেই অমিত শ্বাহে কৈছিল যে অহা ৪০ৰ পৰা ৫০ বছৰলৈ বিজেপি ক্ষমতাত থাকিব।”

তেওঁ কয়, “সংবিধানত কোৱা হৈছে যে প্ৰতিজন ভাৰতীয়ৰ ভোটাধিকাৰ আছে। সংবিধান অবিহনে আপোনাৰ কোনো অধিকাৰ নাথাকিব।”

বিহাৰৰ সাছাৰামৰ পৰা আৰম্ভ হোৱা ৰাহুল গান্ধীৰ ৰেলী মঙলবাৰে মধুবনীত উপস্থিত হয়, যত বিকাশশীল ইনছান পাৰ্টিৰ প্ৰতিষ্ঠাপক মুকেশ সাহনীও উপস্থিত থাকে।