NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা মন্ত্ৰী অশোক সিংহলৰ! এই মন্তব্যৰ বাবে ক্ষমা খোজাৰ দাবী দেৱব্ৰত শইকীয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 29, 2025 9:32 pm

বিজেপিৰ  মন্ত্ৰী অশোক সিংহলে কংগ্ৰেছ দলটোক জন্তু বুলি ৰাজহুৱাভাৱে কৰা ‎মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। ‎বিৰোধী দলপতি গৰাকীয়ে কয় যে, এটা ঐতিহাসিক ৰাজনৈতিক দল হিচাপে ‎কংগ্ৰেছৰ সুকীয়া আৰু মৰ্যদাপূৰ্ণ ইতিহাস আছে। ইয়াৰ পাছতো অসমৰ ‎এগৰাকী দায়িত্বশীল মন্ত্ৰী হিচাপে অশোক সিংহলে কংগ্ৰেছ দলটোক জন্তুৰূপে ‎অভিহিত কৰাতো অৰুচিকৰ, অভদ্ৰতাৰ পৰিচায়ক বুলি মত প্ৰকাশ কৰে।

মানসিক ভাৰসাম্যহীন ‎হ’লেহে এনেধৰণৰ মন্তব্য কৰিব পাৰে বুলি উল্লেখ কৰি বিৰোধী দলপতি ‎শইকীয়াই কয় যে, দেশৰ বাবে স্বাধীনতা অনা ৰাজনৈতিক দলটোক হেয় ‎প্ৰতিপন্ন কৰিবলৈ যোৱাটো অসমৰ বাবেই দুৰ্ভাগ্যজনক। দেশৰ স্বাধীনতাৰ বাবে যদি ‎কংগ্ৰেছ দলে যুঁজ নিদিয়া হ’লে বৃটিছৰ অধীনত অশোক সিংহলৰ দৰে ‎মানুহবোৰে জন্তুতকৈয়ো অধম জীৱন-যাপন কৰিবলগীয়া হলহেঁতেন বুলি মন্তব্য কৰে।

ভাৰতীয় ‎সংবিধানৰ নামত শপত লোৱাৰ পাছত এজন নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ‎কংগ্ৰেছক জন্তুৰ লগত তুলনা কৰাতো গুৰুতৰ অপৰাধ আৰু অপমানজনক ‎কথা। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে অসমৰ জনগণৰ ওচৰত ক্ষমা বিচাৰক। তদুপৰি ‎মন্ত্ৰী অশোক সিংহলৰ ওপৰত আইনী ব্যৱস্থাত অনুশাসনমূলক পদক্ষেপ গ্ৰহণৰ ‎বাবে আইনজ্ঞৰ সৈতে আলোচনা কৰা বুলিও বিৰোধী দলপতিগৰাকীয়ে কয়। ‎

অশোক সিংহলৰ দৰে চূড়ান্ত দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীয়ে কংগ্ৰেছক লৈ এনে কটু মন্তৱ্য ‎কৰাতো ভাল কথা নহয় আৰু ভৱিষতে এনেকুৱা মন্তৱ্য কৰাৰ পৰা বিৰত ‎থাকিবলৈকো সকীয়াই দিয়ে শইকীয়াই। কংগ্ৰেছৰ প্ৰতি বিৰূপ মন্তৱ্য কৰাৰ ‎বাবে অশোক সিংহলক ক্ষমা খুজিবলৈকো দাবী জনাই বিৰোধী দলপতি দেৱব্ৰত ‎শইকীয়াই।