NORTHEAST NOW (Assamese)
অসম

ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক; দিল্লীত জৰুৰীকালীন অৱতৰণ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 31, 2025 9:56 am

ইন্দোৰ অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত অগ্নিকাণ্ডৰ আতংক। দেওবাৰে পুৱা উৰণৰ কিছু সময়ৰ পিছতে বিমানখন দিল্লীলৈ ওভোতাই অনা হয়।

বিমানখন উৰণৰ কিছু সময়ৰ পিছতে পাইলটে ফায়াৰ ইণ্ডিকেশ্যন লাভ কৰে। তেওঁ বিমানখনৰ এটা ইঞ্জিনত অগ্নিকাণ্ডৰ ইংগিত পাইছিল। ইয়াৰ পিছত ততাতৈয়াকৈ AI2913 বিমানখন দিল্লীলৈ ডাইভাৰ্ট কৰা হয়।

এয়াৰ ইণ্ডিয়াই নিশ্চিত কৰিছে যে প্ৰতিজন যাত্ৰীক নিৰাপদে নমাই দিয়া হৈছে আৰু তেওঁলোকৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰা হৈছে।

এয়াৰ ইণ্ডিয়াই এক বিবৃতিত কয় যে, ‘৩১ আগষ্টত দিল্লীৰ পৰা ইন্দোৰ অভিমুখী বিমান AI2913 উৰণৰ কিছু সময়ৰ পিছতে দিল্লীলৈ উভতি আহে। কাৰণ ককপিটৰ ক্ৰুৱে সোঁপিনৰ ইঞ্জিনত জুইৰ ইংগিত পাইছিল।’

এই সতৰ্কবাণী লাভ কৰাৰ পিছত ক্ৰু সদস্যসকলে সকলো সুৰক্ষা প্ৰট’কল মানি ব্যৱস্থা গ্ৰহণ কৰে। ককপিটৰ ক্ৰুৱে ইঞ্জিনটো বন্ধ কৰি দিয়ে আৰু বিমানখন দিল্লী বিমানবন্দৰলৈ ডাইভাৰ্ট কৰা হয়।