NORTHEAST NOW (Assamese)
অসম

দেহৰ বৰণক লৈ অসন্তুষ্ট স্বামীয়ে জ্বলাই হত্যা কৰিছিল পত্নীক; মৃত্যুদণ্ডৰ শাস্তি বিহিলে আদালতে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী September 1, 2025 11:41 am

তেওঁ পত্নীক অনবৰতে ‘ক’লা’ বুলি মাৰপিট কৰিছিল। ইয়াতেই থমকি ৰোৱা নাছিল স্বামী। তেওঁ ৰাসায়নিক পদাৰ্থ লগাই পত্নীক জ্বলাই হত্যা কৰে। ২০১৭ চনৰ ২৪ জুনত ৰাজস্থানৰ উদয়পুৰৰ বল্লভনগৰত সংঘটিত হৈছিল এই ঘটনা।

যোৱা শনিবাৰে উদয়পুৰৰ মাউলীৰ নিম্ন আদালতে স্বামী কৃষ্ণলালক হত্যাৰ দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। ন্যায়াধীশে কয়, ‘সভ্য সমাজত এনে অপৰাধ চিন্তাও কৰিব নোৱাৰি। অপৰাধীয়ে কেৱল পত্নী লক্ষ্মীক অন্যায় কৰাই নহয়, সমগ্ৰ মানৱতাৰ বিৰুদ্ধে জঘন্য অপৰাধ সংঘটিত কৰিছে।’

জানিব পৰা মতে, তেওঁলোকৰ বিবাহৰ পিছৰে পৰা স্বামী কৃষ্ণলালে পত্নী লক্ষ্মীক দেহৰ বৰণৰ বাবেই মাৰপিট কৰিছিল। তেওঁক ক’লা বুলি কৈ বাৰে বাৰে অপমান কৰিছিল। ২০১৭ চনৰ ২৪ জুনত মাজনিশা কৃষ্ণলালে পত্নী লক্ষ্মীক গোটেই শৰীৰত ৰাসায়নিক পদাৰ্থ সানিবলৈ কৈছিল।

তেওঁ পত্নীক কৈছিলে যে ইয়াৰ ফলত তেওঁৰ ছালখন বগা হ’ব। লক্ষ্মীয়ে সেয়া গাত সনাৰ পিছত কৃষ্ণলালে ধূপকাঠিৰে তেওঁক জ্বলাই দিছিল। পত্নীয়ে যন্ত্ৰণাত চিঞৰি চিঞৰি সহায় বিচৰাৰ সময়ত কৃষ্ণলাল তাৰ পৰা পলাই যায়। ইয়াৰ পিছত লক্ষ্মীৰ শহুৰেক আৰু শাহুৱেকে তেওঁক চিকিৎসালয়লৈ লৈ যায়। কেইদিনমান পিছত তাতেই তেওঁৰ মৃত্যু হয়।

লক্ষ্মীৰ পিতৃৰ পৰিয়ালে উদয়পুৰৰ বল্লভগড় আৰক্ষী থানাত কৃষ্ণলালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিছুদিন পিছত আৰক্ষীয়ে কৃষ্ণলালক গ্ৰেপ্তাৰ কৰে। এইবাৰ সেই ঘটনাত আদালতে তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে।