NORTHEAST NOW (Assamese)
অসম

দক্ষিণ আফ্ৰিকাৰ এই গৰাকী ক্ৰিকেটাৰৰ শৰীৰত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 8, 2020 9:04 am

দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ চ’ল’ নাকৱেনিৰ শৰীৰত বৃহস্পতিবাৰে পৰীক্ষাৰ অন্তত মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

বিগত বৰ্ষৰ জুলাই মাহৰ পৰা দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ গৰাকীয়ে শাৰীৰীক সমস্যাত ভূগি আছিল বুলি জানিব পৰা গৈছে।

ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা চ’ল’ নাকৱেনি বিশ্বৰ তৃতীয় গৰাকী ক্ৰিকেটাৰ।

ইয়াৰ পূৰ্বে পাকিস্তানৰ জাফৰ চৰফৰাজ আৰু স্কটলেণ্ডৰ মজিদ হক ক’ৰ’নাৰ দ্বাৰা আক্ৰান্ত হৈছিল।

‘‘এইবোৰ মোৰ সৈতে কিয় হৈ আছে মই ধৰিব পৰা নায়,’’ ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পাছতে দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ গৰাকীয়ে দুখ ব্যক্ত কৰি টুইট কৰে।

উল্লেখযোগ্য যে, বিশ্বৰ ভালেকেইগৰাকী ফুটবলাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ ক্লাৱ পেৰিছ চেইণ্ট জাৰ্মানৰ এগৰাকী ফুটবলাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছত ৰোণাল্ডো সহিত ক্লাৱটোৰ ভালেকেইগৰাকী ফুটবলাৰ কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল।

সমগ্ৰ বিশ্ব জুৰি অব্যাহত থকা ক’ৰ’না ভাইৰাছৰ সংহাৰী ৰূপৰ বাবে বৰ্তমান সকলো ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতা বন্ধ হৈ আছে।