NORTHEAST NOW (Assamese)
দেশ

আফগানিস্তানত ভূমিকম্পত প্ৰাণ হেৰুওৱা সকললৈ মোদীৰ সমবেদনা :  তালিবান চৰকাৰলৈ সাহায্য প্ৰেৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 1, 2025 9:32 pm

আফগানিস্তানত ভূমিকম্পত প্ৰাণক হেৰুওৱা লোকসকলক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁ লিখিছে, “আফগানিস্তানত ভূমিকম্পত মৃত্যু হোৱা লোকসকলক মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।  

তেওঁ লিখিছে, “এই শোকৰ সময়ত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহপ্ৰতি আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা। আহতসকলৰ  আশু আৰোগ্য কামনা কৰিছো। ক্ষতিগ্ৰস্ত লোকসকলক প্ৰতিটো মানৱীয় সাহায্য আৰু সকাহ দিবলৈ ভাৰত সাজু।”

ভাৰতে ভূমিকম্প প্ৰভাৱিত আফগানিস্তানলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে।

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এক্সত এটা পোষ্টত লিখিছে, “আজি আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তকীৰ সৈতে কথা পাতিলোঁ। ভূমিকম্পত হেৰুৱা প্ৰাণক লৈ আমি দুখী।”

তেওঁ কয় যে ভাৰতে কাবুললৈ ১০০০টা পৰিয়ালৰ তম্বু প্ৰেৰণ কৰিছে। ভাৰতৰ পৰা কুনাৰলৈ প্ৰেৰণ কৰা হৈছে ১৫ টন খাদ্য শস্য। মঙলবাৰে আফগানিস্তানলৈ আৰু অধিক সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব ভাৰতে।

জয়শংকৰে লিখিছে, “আমি আহতসকলৰ  আশু আৰোগ্য কামনা কৰিছো। এই কঠিন সময়ত ভাৰত আফগানিস্তানৰ সৈতে থিয় দিছে।”

আফগানিস্তানৰ পূব প্ৰান্তত ৬.০ প্ৰাবল্যৰ ভূমিকম্পত এতিয়ালৈকে ৮০০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আহত হৈছে ২০০০ৰো অধিক লোক।