NORTHEAST NOW (Assamese)
Popular Stories

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 8, 2025 8:30 pm

অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া উচ্চতম ন্যায়ালয়ে এৰিন পেটাৰছন নামৰ এগৰাকী মহিলাক শহুৰেক, শাহুৱেক আৰু ভনীয়েকক বিষাক্ত কাঠফুলা খুৱাই হত্যা কৰাৰ অপৰাধত তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ৫০ বছৰীয়া এৰিনে পেৰ’ল অবিহনে ৩৩ বছৰ কাৰাগাৰত কটাব লাগিব। এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই অষ্ট্ৰেলিয়াত ব্যাপক চৰ্চাৰ লাভ কৰিছে।

২০২৩ চনৰ ২৯ জুলাইত এৰিনে নিজৰ শহুৰেক ডন, শাহুৱেক গেইল আৰু ভনীয়েক হিদাৰক দুপৰীয়াৰ আহাৰৰ নিমন্ত্ৰণ জনায়। তেওঁ নিজে ৰান্ধি দিয়া খাদ্যত ‘ডেথ কেপ মাছৰুম’ নামৰ পৃথিৱীৰ অন্যতম বিষাক্ত ভেঁকুৰ মিহলাই দিছিল। খাদ্য গ্ৰহণৰ পিছত তিনিওজন অসুস্থ হৈ পৰে আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত এজন এজনকৈ শহুৰেক, শাহুৱেক আৰু ভনীয়েকৰ মৃত্যু হয়। কিন্তু ভনীয়েকৰ স্বামী ইয়ান সৌভাগ্যক্ৰমে এমাহ চিকিৎসাৰ পিছত জীৱিত উভতি আহে। এৰিনে স্বামী চাইমনকো নিমন্ত্ৰণ কৰিছিল যদিও তেওঁ সেইদিনা নাহিলে, যাৰ ফলত তেওঁৰ জীৱন ৰক্ষা পৰে।

আৰক্ষীয়ে তদন্তৰ পিছত এৰিনক গ্ৰেপ্তাৰ কৰে আৰু তিনিটা হত্যা আৰু এটা হত্যাৰ চেষ্টাৰ অভিযোগত গোচৰ ৰুজু কৰে। তিনিমাহৰ বিচাৰৰ পিছত ১২ জনীয়া জুৰীয়ে এৰিনক দোষী সাব্যস্ত কৰে। আদালতে ঘোষণা কৰে যে এই হত্যাকাণ্ড পৰিকল্পিত আৰু ইচ্ছাকৃত আছিল, য’ত এৰিনৰ বৈবাহিক সংঘাতৰ পটভূমিৰ প্ৰভাৱ আছিল। এই শাস্তিয়ে অষ্ট্ৰেলিয়াৰ ন্যায় ব্যৱস্থাৰ কঠোৰতা প্ৰতিফলিত কৰিছে আৰু এই ঘটনা দেশখনৰ অন্যতম আলোচিত অপৰাধ হিচাপে পৰিগণিত হৈছে।