NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

“ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা অব্যাহত থাকিব, প্ৰিয় বন্ধু মোদীৰ লগত কথা পাতিম”, ডনাল্ড ট্ৰাম্পৰ মন্তব্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2025 11:34 am

ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিৰ বাবে অনাগত সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজত আলোচনা হ’ব বুলি উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি কয় যে ভাৰত আৰু আমেৰিকাই বাণিজ্যিক বাধা আঁতৰোৱাৰ বাবে আলোচনা অব্যাহত ৰাখিছে বুলি খবৰ পাই মই সুখী হৈছো।

তেওঁ কয় যে অনাগত সপ্তাহত মোৰ অতি ভাল বন্ধু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কথা পাতিবলৈ আগ্ৰহী। আমাৰ দুয়োখন মহান দেশৰ বাবে সফল ফলাফলত উপনীত হোৱাত কোনো অসুবিধা নহ’ব বুলি মই নিশ্চিত।

উল্লেখ্য যে ভাৰত-আমেৰিকাৰ মাজত কেইবা ৰাউণ্ডৰ আলোচনাৰ পাছতো বাণিজ্যিক চুক্তি হোৱা নাই৷ আগষ্ট মাহৰ আৰম্ভণিতে ট্ৰাম্পে ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল, যিটো বৰ্তমান বলবৎ হৈ আছে।