NORTHEAST NOW (Assamese)
দেশ

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নেপালৰ শেহতীয় পৰিস্থিতি সন্দৰ্ভত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠক সম্পন্ন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2025 11:29 am

 হিমাচল প্ৰদেশ আৰু পঞ্জাৱলৈ চৰকাৰী ভ্ৰমণৰ পৰা ঘূৰি আহিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত পৌৰহিত্য কৰি নেপালৰ শেহতীয় পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

প্রধানমন্ত্রীগৰাকীয়ে বহু যুৱক-যুৱতীৰ প্রাণ কাঢ়ি নিয়া এনে হিংসা কাৰ্য্যত গভীৰ শোক প্রকাশ কৰে। তেখেতে নেপালৰ সকলো নাগৰিককে শান্তি আৰু ঐক্যৰ প্ৰমূল্যবোধ অক্ষুণ্ণ ৰাখিবলৈ আন্তৰিক আহ্বান জনায়।

এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ “আজি হিমাচল প্ৰদেশ আৰু পঞ্জাৱলৈ চৰকাৰী ভ্ৰমণৰ পৰা ঘূৰি আহিয়েই নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত ভাগ লৈ নেপালৰ শেহতীয় পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰোঁ। নেপালত সংঘটিত এনে হিংসাত্মক ঘটনা হৃদয়-বিদাৰক। ইয়াত বহু যুৱক-যুৱতীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱাত মই শোকাহত হৈছোঁ। নেপালৰ সুস্থিৰতা, শান্তি আৰু সমৃদ্ধি আমাৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ। মোৰ নেপালৰ সকলো ভ্ৰাতৃ-ভগ্নীকে শান্তিৰ মাৰ্গত অটল হৈ থাকিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছোঁ।”