NORTHEAST NOW (Assamese)
দেশ

হিমস্খলনে ধ্বংস কৰিলে ছিয়াচেন বেছ কেম্প : ছহিদ ৩ ভাৰতীয় জোৱান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2025 11:22 am

লাডাখৰ চিয়াচেন বেছ কেম্পত সংঘটিত হৈছে হিমস্খলনৰ ঘটনা। মঙলবাৰে এই ঘটনাত তিনিজন ভাৰতীয় জোৱানৰ মৃত্যু হয়। বৰ্তমান হিমস্খলনৰ স্থানত উদ্ধাৰ অভিযান চলি আছে। আৰু অধিক জোৱানক সমাধিস্থ হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

সেই অঞ্চলত হিমস্খলন এক সাধাৰণ পৰিঘটনা। নিয়ন্ত্ৰণ ৰেখাৰ উত্তৰ প্ৰান্তত প্ৰায় ২০ হাজাৰ ফুট উচ্চতাত অৱস্থিত চিয়াচেন হিমবাহ। ইয়াৰ উষ্ণতা প্ৰায়ে -৬০ ডিগ্ৰী চেলছিয়াছৰ তললৈ নামি যায়। পূৰ্বৰ কেইবাটাও হিমস্খলনৰ ঘটনাত একেধৰণৰ মৃত্যুৰ বাতৰি পোৱা গৈছে।

২০২১ চনত ‘হানিফ’ উপখণ্ডৰ হিমস্খলনত দুজন জোৱান নিহত হৈছিল। ইয়াৰ পূৰ্বে ২০১৯ চনত এক বৃহৎ হিমস্খলনত চাৰিজন জোৱান আৰু দুজন পৰ্টাৰৰ মৃত্যু হৈছিল। এই হিমস্খলনে ১৮ হাজাৰ ফুট উচ্চতাত টহল দি থকা ৮ জনীয়া জোৱানৰ দল এটাক আঘাত কৰে।

২০২২ চনত অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰত হোৱা হিমস্খলনত ৭ জন জোৱান নিহত হৈছিল। ভাৰতত হিমস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ এই সংখ্যা আছিল সৰ্বাধিক।

উক্ত হিমস্খলনৰ তীব্ৰতা ইমানেই বেছি আছিল যে নিৰুদ্দেশ হোৱাৰ তিনিদিন পিছতহে জোৱানসকলৰ মৃতদেহ উদ্ধাৰ হৈছিল।