NORTHEAST NOW (Assamese)
অসম

বিয়াগোম শক্তি বিভাগৰ চূড়ান্ত অকৰ্মণ্যতা; তাঁৰ মেৰামতি নকৰাক লৈ ৰাইজৰ ক্ষোভ

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা June 26, 2019 12:25 pm
VideoCapture_20190626-000957

ৰাজ্যত যিমানেই উষ্ণতাৰ পাৰাস্তম্ভ বৃদ্ধি হৈছে সিমানেই স্পষ্ট হৈছে বিয়াগোম শক্তি বিভাগৰ চূড়ান্ত অকৰ্মণ্যতা। নগাঁৱৰ পুৰণিগুদামত মঙলবাৰে নিশা সংঘটিত এক ভয়ংকৰ অঘটনৰ পিছত সংশ্লিষ্ট বিভাগটোৰ দায়িত্বত থকা কৰ্মচাৰীয়ে কেৱল বিদ্যুৎ কৰ্তন কৰিয়ে ক্ষান্ত থকাক লৈ ক্ষোভিত হৈ পৰে অঞ্চলবাসী।

খবৰ পোৱাৰ পিছতো বিসংগতি মেৰামতিৰ বাবে ঘটনাস্থলিত উপস্থিত হ’বলৈ বিদ্যুৎ-কৰ্মীৰ দলে কেইবা ঘণ্টা সময় লোৱাত এক অথন্তৰ পৰিৱেশৰ সৃষ্টি হয় পুৰণিগুদামত।

উল্লেখ্য যে, পুৰণিগুদামৰ ন’আলিমুৰৰ এটা জনবহুল অঞ্চলত অতি ভয়ংকৰ ভাৱে বিদ্যুৎ পৰিবাহী উচ্চ ক্ষমতা সম্পন্ন এডাল তাঁৰ চিঙি পৰে তলতে থকা এখন মাংস কটা দোকানত। মাংস ব্যৱসায়ী তুলু আহমেদে কথমপিহে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও ডিঙি আৰু মুৰৰ কিছু অংশত কিছু পৰিমানে আঘাত পায়।

এই অঘটনটো ঘটাত সমীপতে থকা পুৰণিগুদাম বিদ্যুৎ যোগান উপকেন্দ্ৰৰ পৰা ততালিকে বিদ্যুৎ কৰ্তন কৰা হয় যদিও প্ৰায় দুশ মিটাৰ নিলগতে সংঘটিত হোৱা ঘটনাস্থলিলৈ গৈ বিদ্যুৎ-কৰ্মীয়ে তাঁৰ ডাল মেৰামতি কৰিবলৈ যথেষ্ট সময় লয়। ইয়াক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে সংশ্লিষ্ট বিভাগ তথা কৰ্মৰত বিষয়া-কৰ্মচাৰী সকলৰ বিৰুদ্ধে ক্ষোভ উজাৰে।