NORTHEAST NOW (Assamese)
অসম

সোমবাৰৰ পৰা অসমত প্ৰতিদিনে ৩ লাখকৈ লোকক কৰা হ’ব ভেকচিন প্ৰদান:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2021 9:56 am
Vaccination-drive-750x375

সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া মাৰাত্ম ৰোগ কোভিডৰ বিৰুদ্ধে ভেকচিন প্ৰদানৰ কাম চলি আছে।

ভেকচিনৰ নাটনিৰ বাবে ৰাজ্যৰ বহি ঠাইত বহু লোকে সময় মতে ভেকচিন লাভ নকৰা বুলি অভিযোগ উঠাৰ সময়তে ৰাজ্যত প্ৰতিদিনে ৩ লাখকৈ লোকক ভেকচিন প্ৰদানৰ সিদ্ধান্ত লৈছে চৰকাৰে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সিদ্ধান্তৰ কথা সদৰী কৰি কয় যে ২১ জুন অৰ্থাৎ সোমবাৰৰ পৰা ৰাজ্যৰ তিনিলাখকৈ লোকক ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ বাবে প্ৰতিখন জিলাৰে প্ৰশাসনক সাজু হৈ উঠাৰ বাবে নিৰ্দেশ দিয়া বুলি তেওঁ কয়।

ৰাজ্যৰ ৩৪ খন জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠিত কৰা বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে তিনি লাখকৈ লোকক ভেকচিন প্ৰদানৰ লক্ষ্যৰ কথা প্ৰকাশ কৰে।ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে।

এই ভেকচিন প্ৰদান প্ৰক্ৰিয়াত চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায়ীলৈকে সকলোকে সামৰি লোৱা হ’ব বুলি তেওঁ কয়।

ইপিনে স্বাস্থ্য বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই প্ৰকাশ কৰা মতে ২১ জুনৰ পৰা কেন্দ্ৰই অসমক ১৮-৪৪ বছৰৰ ভিতৰৰ লোকসকলক প্ৰদান কৰাৰ বাবে বিনামূলীয়া ভেকচিন প্ৰদান কৰিব।

ভেকচিন প্ৰদান কাৰ্যসূচীত নিয়োজিত স্বাস্থ্য কৰ্মীসকলক যাতায়াতৰ বাবে ১০০ টকাকৈ প্ৰদান কৰা হ’ব বুলিও তেওঁ জনায়। প্ৰতিদিনে তিনি লাখকৈ লোকক ভেকচিন প্ৰদান কৰাৰ বাবে ৰাজ্যত ২,০০০ টা ভেকচিন প্ৰদান কেন্দ্ৰ স্থাপন কৰা হ’ব।

উল্লেখ্য অসমৰ ৩.৩০ কোটি জনসংখ্যাৰ ভিতৰৰে ৫৩.২০ লাখ লোকক এতিয়ালৈকে ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰৰে ১০.৫৫ লাখ লোকে ভেকচিনৰ দুয়োটা পালিয়েই লাভ কৰিছে।