NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় মন্ত্ৰীয়ে জিৰণি ল’ব পৰা বিমান বন্দৰ সদৃশ ভি ভি আই পি ব্যৱস্থাৰে উন্নত হ’ব অসমৰ এটা ৰে’লৱে জংচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2019 12:15 pm
Tinisukia Railway Junction

উত্তৰ-পূব সীমান্ত ৰেলৱে হাতত লোৱা নিউ তিনিচুকীয়া ৰে’ৱলে জংচনৰ পুনৰ নিৰ্মাণৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈছে। কিছুদিন পাছতে ৰে’লযাত্ৰীসকলৰ বাবে সম্পূৰ্ণ আটকধুনীয়া অত্যাধুনিক ৰে’ল জংচনটো মুকলি কৰি দিয়া হ’ব বুলি তিনিচুকীয়া ৰে’লৱে উপ মহাপ্ৰৱন্ধকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

উল্লেখযোগ্য জংচনটোৰ পুনৰ নিৰ্মাণৰ কাম হাতত লোৱাৰ পাছত ইয়াক অত্যাধুনিক সা-সুবিধা সংলগ্ন কৰি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু বিমান কোঠৰ আৰ্হিৰে বিমান কোঠত থকা বহু সা-সুবিধা ৰে’ল যাত্ৰীসকলক প্ৰদান কৰাৰ লক্ষ্যৰে জংচনটোৰ পুনৰ নিৰ্মাণৰ কাম ৰে’লৱে আগবঢ়াই নিয়ে।

সংবাদ মাধ্যমৰ আগত নিউ তিনিচুকীয়া জংচনৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত মত প্ৰকাশ কৰি তিনিচুকীয়া ৰে’লৱে উপ মহাপ্ৰৱন্ধক গৰাকীয়ে পুনৰ নিৰ্মিত জংচনত যাত্ৰী সকলৰ বাবে অত্যাধুনিক যাত্ৰী জিৰণি কোঠা লগতে এটাকৈ ভি আই পি আৰু ভি ভি আই পি জিৰণি কোঠাও নিৰ্মাণ কৰা হৈছে।

স্থানীয় সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ প্ৰসংগ উত্থাপনেৰে মহাপ্ৰৱন্ধকগৰাকীয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জিৰণি ল’ব পৰাকৈ উন্নত মানদণ্ডৰ হ’ব অতিথি জিৰণি কোঠাবোৰ।

আনহাতে, ৰে’লযাত্ৰীসকলৰ বাবে মুকলি কৰি দিয়াৰ পাছত জংচনটো যাতে কোনো লোকে ক্ষয়-ক্ষতি নকৰে আৰু অন্য লোককো তেনে কাৰ্য্য কৰাত সকলোৱে বাধা দিয়ে তথা এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণৰ বাবে যাতে ৰে’লৱেক অৱগত কৰে তাৰবাবে আহ্বান জনাই মহাপ্ৰৱন্ধকগৰাকীয়ে।