NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন খেলাৰ মানসেৰে এন এন পিৰ নাগালেণ্ড শাখা মুকলি

Posted by: এন ই নাও নিউজ ব্যুৰো December 4, 2017 4:29 pm

আগন্তুক বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰি নেশ্যনেল পিপুলছ্ পাৰ্টি (এন পি পি) এ নাগালেণ্ডৰ ডিমাপুৰত ইয়াৰ এটা শাখা মুকলি কৰিছে। এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা নাগালেণ্ডৰ ভাৰপ্ৰাপ্ত নেতা বিবেকৰাজ ওৱাংখেমে জানিব দিয়ে যে দলটোৱে ৰাজ্যখনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবই যদিও কিমানখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াব সেইটো নিশ্চিত কৰা নাই।

নাগালেণ্ড বিধানসভাত মুঠতে ৬০ খন আসন আছে। এটো য়েপ্থমিক ৰাজ্যিক শাখাৰ আহ্বায়ক হিচাপে আৰু শশাংক ঘাটৰাজৰ নাম সহ আহ্বায়ক হিচাপে ঘোষণা কৰা হৈছে। অহা ১০ দিনৰ ভিতৰতে তেওঁলোকে এখন পুৰ্ণাংগ কমিটি গঠন কৰিব।বিজেপিৰ ৰাজ্যিক শাখাৰ প্ৰাক্তন সভাপতি য়েপ্থমিয়ে কেতিয়াও নিৰ্বাচন খেলা নাই।

‘’এন পি পি হৈছে এগৰাকী জনজাতি সভাপতি থকা প্ৰথমটো ৰাষ্ট্ৰীয় দল যিয়ে উত্তৰ-পূবৰ বিষয়বোৰ সংসদত তুলি ধৰিব পাৰে,’’ – শাখা মুকলি অনুষ্ঠানত য়েপ্থমিয়ে কয়। নাগালেণ্ডৰ শাখাটো হৈছে এন পি পিৰ ১১ তম শাখা।