NORTHEAST NOW (Assamese)
Popular Stories

গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 12, 2025 12:31 pm

যোৱা ১১ ছেপ্টেম্বৰ বৃহস্পতিবাৰে ফিডে গ্ৰেণ্ড চুইছ প্ৰতিযোগিতাত ক্ৰমাগত তৃতীয়টো পৰাজয়ৰ সন্মুখীন হয় বিশ্ব চেম্পিয়ন ডি গুকেশ। ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে প্ৰতিযোগিতাখনৰ সপ্তম ৰাউণ্ডত ১৬ বছৰীয়া তুৰ্কীৰ জিএম এডিজ গুৰেলৰ হাতত পৰাস্ত হয়। আমেৰিকাৰ অভিমন্যু মিশ্ৰ আৰু গ্ৰীচৰ নিকোলাছ থিয়ডৰ হাতত পৰাস্ত হৈ গুকেশে প্ৰতিযোগিতাখনত নিজৰ জিৰণিৰ দিনটোৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব পৰা নাছিল।

১৮ বছৰ বয়সত বিশ্ব চেম্পিয়ন হোৱাৰ পিছত খ্যাতি অৰ্জন কৰা গুকেশৰ এতিয়া ৭টা আউটিঙৰ পৰা তিনিটা পইণ্ট আছে আৰু প্ৰতিদ্বন্দ্বিতাত থাকিবলৈ তেওঁ সকলো মেচতে জয়ী হোৱাৰ প্ৰয়োজন। ফৰ্মৰ অৱনতিয়ে প্ৰাক্তন খেলুৱৈলৈ তথা ধাৰভাষ্যকাৰ মৰিছ এছলীক চিন্তিত কৰিছিল, তেঁও এক্সত লিখিছিল যে এইজন তেওঁলোকে জনা গুকেশ নহয়।

ইয়াৰ পূৰ্বে প্ৰতিযোগিতাখন ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰগৰাকীয়ে নিকোলাছ থিওডৰ হাতত পৰাস্ত হৈ হতাশ হৈ প্লেয়িং হলৰ পৰা হতাশ হৈ ওলাই আহিছিল।

এইখিনিতে গুকেশৰ সমৰ্থনত বহু অনুৰাগীয়ে কয় যে গুকেশৰ বয়স আছিল মাত্ৰ ১৯ বছৰ, আৰু এই বয়সত তেওঁ যি কৰিব লাগে ঠিক সেই কামেই কৰি আছে।