NORTHEAST NOW (Assamese)
Popular Stories

‘মোক ৯ বছৰ ঘূৰাই দিয়ক’- মুম্বাই ৰেল বিস্ফোৰণ গোচৰত দোষমুক্ত হোৱা যুৱকে দাবী কৰিলে ৯ কোটি টকাৰ ক্ষতিপূৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2025 5:56 pm

এক অতি দুখলগা ঘটনা। মুম্বাইৰ আৰ্থাৰ ৰোড জেলত চৰম নিৰ্যাতনৰ বলি হোৱা আৰু সন্ত্ৰাসবাদী বুলি অভিহিত কৰা ৱাহিদক অৱশেষত ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত দোষমুক্ত কৰা হৈছিল। কিন্তু তাৰ পাছতো দুখৰ পৰিমাণ হ্ৰাস পোৱা নাছিল। চলিত বৰ্ষৰ জুলাই মাহত বম্বে উচ্চ ন্যায়ালয়ে গ্ৰেপ্তাৰ কৰা আৰু দোষী সাব্যস্ত হোৱা সকলো কয়দীক দোষমুক্ত ঘোষণা কৰাৰ পাছতে তেওঁ গোচৰৰ বন্ধনৰ পৰা মুক্ত হৈছিল। কিন্তু, তেতিয়ালৈকে তেওঁৰ সপোনৰ দিনবোৰ চিনেমাৰ কাহিনীৰ দৰে ছিন্নভিন্ন হৈ পৰিছিল।

গতিকে, ৱাহিদে শুকুৰবাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (এন এইচ আৰ চি) আৰু মহাৰাষ্ট্ৰ ৰাজ্যিক মানৱ অধিকাৰ আয়োগলৈ পত্ৰ লিখি ভুৱা অভিযোগত ৯ বছৰীয়া কাৰাদণ্ডৰ ক্ষতিপূৰণ হিচাপে ৯ কোটি টকা দাবী কৰে। ২০০৬ চনত মুম্বাই ৰেল বিস্ফোৰণৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৱাহিদক ২০১৫ চনত বাকী থকা প্ৰমাণৰ ভিত্তিত দোষমুক্ত কৰা হৈছিল। সেই বিস্ফোৰণত ১৩ জন অভিযুক্ত আছিল আৰু ১৮৯ জন লোকৰ মৃত্যু হৈছিল। আদালতে তেওঁক অকলে দোষমুক্ত কৰিছিল। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে ৱাহিদে ৰে’লত বোমা ৰোপণ কৰি একাংশ অভিযুক্তক আশ্ৰয় দিছিল আৰু সমৰ্থন কৰিছিল। কিন্তু তদন্তকাৰী দলটোৱে তেওঁৰ বিৰুদ্ধে থকা অভিযোগ আদালতত প্ৰমাণ কৰাত ব্যৰ্থ হয়।

তেওঁৰ অভিযোগত ৱাহিদে লিখিছে, ধৰা পৰাৰ সময়ত মোৰ বয়স ২৮ বছৰ আছিল। মিছা অভিযোগত মোক জেলত ৰখা হৈছিল। জিম্মাত থকাৰ সময়ত মোক চৰম নিৰ্যাতনৰ বলি হৈছিল। বছৰ বছৰ ধৰি মই আৰু মোৰ পৰিয়ালে কেনেকৈ শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে কষ্ট পাইছো। ভুৱা কাৰাবাসৰ বাবে মোৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱন ৯ বছৰ ধৰি ধ্বংস হৈ গৈছে। মোৰ কেৰিয়াৰ, শিক্ষা আৰু ব্যক্তিগত জীৱন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। মোক আৰু মোৰ পৰিয়ালক সন্ত্ৰাসবাদী বুলি মিছা লেবেল লগোৱা হৈছে। তাৰ বাবেই মই বা আমি এদিনো শান্তিৰে জীয়াই থাকিব পৰা নাই। দোষমুক্ত হোৱাৰ পাছতো সকলোৱে আমাক সন্ত্ৰাসবাদী বুলি নামকৰণ কৰিছে।

আমাৰ সন্মান, মৰ্যাদা, জীৱিকা সকলো ধ্বংস হৈ গৈছে বুলি লিখিছে ৱাহিদে। এই কেইটামান বছৰত ৩০ লাখ টকাৰ ঋণ পৰিশোধ কৰিবলগীয়া হৈছে। ৱাহিদৰ মতে মই জেলত থকাৰ সময়তে মোৰ দেউতাৰ মৃত্যু হৈছিল। মাৰ মানসিক অৱস্থা ভাঙি পৰিল। পৰিয়ালত মই আছিলোঁ একমাত্ৰ উপাৰ্জনকাৰী ল’ৰা। এই পৰিস্থিতিত মোৰ পত্নীয়ে সন্তানক ডাঙৰ-দীঘল কৰিবলৈ যুঁজিবলগীয়া হৈছিল।

ৱাহিদে কয়, “মোৰ বিনম্ৰ অনুৰোধ যে মই হেৰুৱা ৯ বছৰ ঘূৰাই নাপালেও ক্ষতিপূৰণ হিচাপে অন্ততঃ ৯ কোটি টকা দিব লাগে। এই ধনে অলপ সুখ দেখুৱাব আৰু মই নিৰ্দোষী বুলি প্ৰমাণ কৰিব।” ৱাহিদ শ্বেখে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংখ্যালঘু আয়োগলৈ একেই লিখিছিল। আৰক্ষীয়ে তেওঁক কেনেকৈ অমানৱীয় নিৰ্যাতন চলাইছিল সেই বিষয়ে তেওঁ লিখিছিল। ওচৰ-চুবুৰীয়াই আঙুলিয়াই দিছিল যে মোৰ দেউতা এজন সন্ত্ৰাসবাদীৰ পিতৃ। মোৰ মাৰ ক্ষেত্ৰতো একেই কথা।