NORTHEAST NOW (Assamese)
অসম

অসমৰ বিশ্ববিদ্যালয়সমূহৰ অনা-শিক্ষক কৰ্মচাৰীৰ দৰমহা বৃদ্ধিত ৰাজ্যপালৰ সন্মতি

Posted by: এন ই নাও নিউজ June 9, 2018 11:56 am
Jagdish-Mukhi.-Photo-credit-New-Indian-Express-1-570x320

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শুকুৰবাৰে অসমৰ বিশ্ববিদ্যালয়সমূহৰ অনা-শিক্ষক কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ বাবে সাধাৰণ দৰমহা সমিতিৰ প্ৰতিৱেদন, ২০১৭ত ( Common Pay Committee) সন্মতি জনাইছে। ৰাজভৱনৰ পৰা প্ৰকাশিত এটা সংবাদ-টোকাত এই তথ্য প্ৰকাশিত হৈছে।

অসমৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য ৰাজ্যপালে সাধাৰণ দৰমহা সমিতিয়ে দিয়া অনা-শিক্ষা কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ পৰামৰ্শৰ সৈতে সহমত পোষণ কৰে। বিত্ত, উচ্চ শিক্ষা বা কৃষি বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বিশ্ববিদ্যালয়সমূহৰ কৰ্তৃপক্ষই আলোচনা কৰি  সমিতিখনৰ পৰামৰ্শ অনুসৰি অসমৰ বিশ্ববিদ্যালয়সমূহৰ অনা-শিক্ষা কৰ্মচাৰীসকলৰ দৰমহা আৰু বানছসমূহৰ ধন মুকলি কৰি দিয়াৰ বাবে ৰাজ্যপালে নিৰ্দেশ প্ৰদান কৰে।

উল্লেখযোগ্য যে ৭ জুন ২০১৮ত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে অনা-শিক্ষা কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ অনুমতি বিচাৰি ৰাজ্যপাললৈ প্ৰেৰণ কৰা পত্ৰখনত ৰাজ্যপালে ততালিকে অনুমোদন জনাই পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াই দিছিল।

এই সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে যে সাধাৰণ দৰমহা সমিতি, ২০১৭ৰ সংশোধিত দৰমহাৰ দ্বাৰা অসমৰ ৭খন বিশ্ববিদ্যালয় যথা- গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড়, অসম কৃষি বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু কমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অনা-শিক্ষা কৰ্মচাৰীসকল উপকৃত হ’ব।