NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ড্ৰাগছসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ January 28, 2022 1:52 pm
শিৱসাগৰত ড্ৰাগছসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ

ড্ৰাগছৰ ব্যৱসায়ত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ মহিলাও জৰিত হৈ পৰিছে।

ইতিমধ্যে আৰক্ষীৰ অভিযানত ৰাজ্যৰ বহু ঠাইত ড্ৰাগছ সৰবৰাহকাৰী মহিলা ধৰাও পৰিছে।

শেহতীয়াকৈ আজি শিৱসাগৰতো ধৰা পৰে এগৰাকী ড্ৰাগছ সৰবৰাহকাৰী মহিলা।

শিৱসাগৰত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত।

শুকুৰবাৰে ১৩ গ্ৰাম ড্ৰাগছসহ এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

ড্ৰাগছ থকা ১১ টা কন্টেইনাৰসহ চুলতানা বেগম নামৰ মহিলাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে শিৱসাগৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপৰ পৰা হাতে লোটে কৰায়ত্ত কৰে মহিলা গৰাকীক।