NORTHEAST NOW (Assamese)
Popular Stories

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 18, 2025 5:38 pm

বৰ্তমান কেৰিয়াৰৰ ক্ষেত্ৰত দীপিকা পাডুকনে বৰ ভালদৰে সময় পাৰ কৰা নাই। সন্দীপ ৰেড্ডী ভাংগাৰ ছবিৰ পৰা বাদ পৰাৰ পিছত এইবাৰ আন এক ডাঙৰ আঘাত – নাগ অশ্বিনৰ ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলত নাথাকিব নায়িকাগৰাকী।

বহুদিন ধৰি চৰ্চা চলি আছিল, ছবিখনৰ দ্বিতীয় অধ্যায়ত দীপিকাক আচলতে দেখা যাবনে? অৱশেষত প্ৰডাকচন কোম্পানীটোৱ ছচিয়েল মিডিয়াত আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে – তাত নাথাকিব দীপিকা।

পোষ্টটোত লিখা হৈছে, “দীঘলীয়া আলোচনাৰ অন্তত আমি সিদ্ধান্ত লৈছো যে দীপিকা পাডুকন ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলত নাথাকিব। যদিও প্ৰথমখন ছবিত আমি একেলগে কাম কৰিছিলো, দ্বিতীয়খনত সেয়া সম্ভৱ নহয়। এই ছবিখনৰ ছিকুৱেলৰ বাবে দ্বায়বদ্ধতা অতি গুৰুত্বপূৰ্ণ। আমি দীপিকাক শুভেচ্ছা জনাইছো।”

উদ্যোগ মহলৰ ধাৰণা যে ইয়াৰ আচল কাৰণ সময়ৰ অভাৱ। মাতৃ হোৱাৰ পিছত দীপিকাই নিজৰ ব্যক্তিগত জীৱন আৰু কন্যা দুয়োটাকে সময় দিবলৈ ব্যস্ত। ৮ ছেপ্টেম্বৰত নিজ হাতেৰে কেক বনাই কন্যাৰ জন্মদিন উদযাপন কৰে। জীৱনৰ এই পৰ্যায়টো পৰিয়ালৰ সৈতে কটাব বিচাৰিছে অভিনেত্ৰীগৰাকীয়ে।

এইটো প্ৰথম নহয়। ইয়াৰ পূৰ্বে সন্দীপ ৰেড্ডী ভাংগাৰ ছবিখনৰ পৰাও আঁতৰি আহিছিল। যদিও, সেই সময়ত এই চৰ্চাৰ মাজতে আন এক খবৰ শিৰোনামত আহিছিল – এটলীৰ ছবিখনত আল্লু অৰ্জুনৰ বিপৰীতে দীপিকাক দেখা যাব।

অৱশ্যে এই ঘোষণাত ‘কল্কি’ৰ অনুৰাগীসকল অতিশয় হতাশ। প্ৰথমখন ছবিত দীপিকাৰ অভিনয়ৰ পিছত তেওঁলোকে ছিকুৱেলখনতো দীপিকাক চাব বিচাৰিছিল। কিন্তু আনুষ্ঠানিক ঘোষণাৰ পিছত সেই আশা নিৰ্বাপিত হৈ পৰিছে।