NORTHEAST NOW (Assamese)
অসম

বাৰে বাৰে কৈ আছিল জুবিনে, “মই নাযাওঁ” : জোৰ কৰি লৈ গৈছিল শ্যামকানুৱে, দুদিন খোৱা নাছিল কেইবাটাও টেবলেট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 20, 2025 12:14 pm

আজি ছিংগাপুৰত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। মৰণোত্তৰ পৰীক্ষাৰ পিছত আজিয়েই অসমলৈ অনা হ’ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ। ভাৰতীয় সময় অনুসৰি ১১ বজাত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।

চৰকাৰে জনোৱা মতে, পোন প্ৰথমে দিল্লীত অৱতৰণ কৰিব জুবিন গাৰ্গক কঢ়িয়াই অনা এয়াৰ এম্বুলেন্স। তাৰপিছত গুৱাহাটীৰ খানাপাৰালৈ অনা হ’ব জুবিন গাৰ্গক। খানাপাৰাত কেৱল আত্মীয় আৰু পৰিয়ালৰ লোকসকলেহে চাব পাৰিব জুবিন গাৰ্গৰ নশ্বৰ দেহ।

ইয়াৰ পিছত সৰুসজাই ষ্টেডিয়ামলৈ লৈ যোৱা হ’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ। তাতেই হ’ব ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

জুবিন গাৰ্গৰ মৃত্যু লৈ এতিয়া ওলাইছে ইটোৰ পিছত সিটো নতুন নতুন তথ্য। জুবিন গাৰ্গক ১৩ ছেপ্তেম্বৰৰ দিনা লগ পোৱা এজন ঘনিষ্ঠ হৰেশ্বৰ মহন্তই জনোৱা মতে স্বাস্থ্যৰ দুৰ্বলতাৰ বাবে ছিংগাপুৰলৈ যাবলৈ মন নাছিল জুবিন গাৰ্গৰ। কিন্তু শ্যামকানু মহন্তই জোৰজবৰদস্তি কৰি লৈ গৈছিল জুবিন গাৰ্গক। জুবিন গাৰ্গৰ লগত ছিংগাপুৰলৈ পত্নী গৰিমা শইকীয়া গাৰ্গ যোৱাৰ কথা আছিল যদিও ভিছা লাভ কৰা নাছিল তেওঁ।

আনহাতে, আন এক খবৰ মতে দুদিন ধৰি কেইবাটাও প্ৰয়োজনীয় টেবলেট খোৱা নাছিল জুবিন গাৰ্গে। শ্যামকানু মহন্তকে ধৰি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থয়ো জুবিনৰ স্বাস্থ্যৰ সুৰক্ষাৰ দিশটো অৱহেলা কৰিছিল। যাৰ বাবেই জুবিন গাৰ্গে এতিয়া অকাল মৃত্যুক সাৱটি ল’বলগা হ’ল জুবিন গাৰ্গে।