NORTHEAST NOW (Assamese)
Popular Stories

ৰাজস্থানৰ এখন ভৌতিক গাঁও,য’ত ঘৰ-দুৱাৰ সকলো আছে কিন্তু নাথাকে কোনো মানুহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 16, 2020 7:11 am
SONY DSC

বিশ্বত বহু অলৌকিকতাৰে পৰিপূৰ্ণ অঞ্চল থকাৰ দৰে ভাৰততো এনে বহু ঠাই আছে যিবোৰ ঠাইৰ ৰহস্য আজিও ভেদ হোৱা নাই।

ভাৰতৰ তেনে এখন আচহুৱা গাঁও হৈছে ৰাজস্থানৰ কুলধাৰা।

নানান অলৌকিক কাহিনীৰে ভৰি আছে এই গাঁওৰ ইতিহাস।

প্ৰায় ১৩ শতিকাতে স্থাপন কৰা কুলধাৰা গাঁওৰ ঘৰ-দুৱাৰ বোৰ আজিও সুন্দৰ ৰুপতেই আছে।

গাঁও খনৰ যি স্থানত মন্দিৰ সজা হৈছিল সেয়াও শ শ বছৰ ধৰি একে ৰুপতে আছে। সুন্দৰ ঘৰ বোৰৰ মাজেৰে সজা পথো প্ৰায় অক্ষত অৱস্থাতে আছে।কিন্তু আচৰিত কথাটো হ’ল শ শ বছৰ ধৰি গাঁও খনত কোনো এজন লোকেই বাস কৰা নাই।

সেয়ে সকলো থাকিও প্ৰাণশূন্য হৈ পৰি ৰৈছে এই গাঁওখন। আজিও তাত কোনো লোকে নিশা যাপন কৰাৰ সাহস গোটাব নোৱাৰে।

বহুতৰ মতে নিশা গাঁও খনত অদ্ভুত কেতবোৰ শব্দ শুনা যায়,ভাঁহি আহে কাৰোৱাৰ হুমুনিয়াহ।

১৩ শতিকাৰ এই গাঁওখনত বাস কৰিছিল পালিৱাল ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকে। গাঁও খনৰ শাসকে গাঁওখনৰ বাসিন্দা সকলৰ ওপৰত নানান নিৰ্যাতন চলাইছিল। এবাৰ গাঁওখনৰ মুখীয়ালৰ কন্যাৰ ওপৰত চকু দিছিল শাসকে।

ইয়াৰ পিছতে এদিন হঠাতে গাঁওখনৰ লোক সকল নোহোৱা হৈ পৰিছিল।

তেওঁলোক ক’লৈ গ’ল সেয়া  কোনেও ক’ৱ নোৱাৰে। তেতিয়াৰে পৰাই অভিশপ্ত হৈ পৰা গাঁওখনত কোনো লোকেই গাস কৰিব পৰা নাই।

১৮৯৯ চনত ৰচিত লক্ষী চান্দৰ গ্ৰন্থ ‘তাৱাৰিখ-ই-জয়ছালমেৰ’ত উল্লেখ থকা মতে প্ৰায় ১৩৩৮ চনৰ পৰাই গাঁওখনত কোনো লোকে বাস কৰা নাই।

২০১০ চনত ৰাজস্থানৰ চৰকাৰে গাঁওখনলৈ পৰ্যটক যোৱাৰ অনুমতি দিয়ে।

অৱশ্যে কেৱল দিনৰ ভাগতহে পৰ্যটক যাব পাৰে এই গাঁওখনলৈ।