NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় বাজেট ২০২০: কি কি পণ্য সামগ্ৰীৰ দাম বাঢ়িল, কমিল ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2020 9:30 am
nirmala-budget-N

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শনিবাৰে ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে সদনত কেন্দ্ৰীয় বাজেট দাখিল কৰে।

বিত্ত মন্ত্ৰীয়ে দাখিল কৰা বাজেটত কি কি পণ্য সামগ্ৰীৰ দাম বাঢ়িল বা কি কি পণ্য সামগ্ৰীৰ দাম বাঢ়িল আৰু ক’ত কমিল তাক লৈ সাধাৰণ ৰাইজৰ মাজত যথেষ্ট উৎসুকতা দেখা গৈছে।

স্বাভাৱিকতে বয়-বস্তুৰ মূল্যবৃদ্ধি বা হ্ৰাসে সাধাৰণ ৰাইজক প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰে।

প্ৰতিবাৰৰ দৰে এইবাৰে জনসাধাৰণে বাজেট উত্থাপনৰ সময়ত মনোযোগেৰে লক্ষ্য কৰে কোনবোৰ সামগ্ৰীৰ দাম বাঢ়িল আৰু ক’ত কমিল।

জিএছ টি প্ৰৱৰ্তনৰ পূৰ্বে বাজেটত বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপ কৰা অপ্ৰত্যক্ষ কৰৰ পৰিমান ঘোষণা কৰা হৈছিল। সেইটোৱে বজাৰৰ সামগ্ৰীৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছিল।

জিএছটি প্ৰৱৰ্তনৰ পাছত সেই নিয়ম নাই। এতিয়া সা-সামগ্ৰীৰ ওপৰত অপ্ৰত্যক্ষ কৰ আৰোপৰ বিষয়টো অতীত হৈ গ’ল।

সকলো পণ্য সামগ্ৰীৰ ক্ষেত্ৰত সামগ্ৰী আৰু সেৱা কৰ আদায় দিলেই সকলো শেষ। আকৌ এই সামগ্ৰী আৰু সেৱা কৰৰ হাৰ বাজেটত ঘোষণা কৰা নহয়। সেয়া জিএছটি কাউন্সিলৰ বৈঠকত ঘোষণা কৰা হয়।

বৰ্তমান বাজেটৰ পাছতেই সা-সামগ্ৰীৰ দাম বৰ বেছি তাৰতম্য হোৱাৰ সম্ভাৱনা নাই। অৱশ্যে কিছু সামগ্ৰীৰ পৰা ৰাজসাহায্যৰ পৰিমান হ্ৰাস তথা বৃদ্ধি কৰা হয়।

চৰকাৰে এইবাৰ বাজেটত কিছু সামগ্ৰীৰ ওপৰত থকা ৰাজসাহায্য হ্ৰাস কৰিছে আৰু সেয়েহে এই সামগ্ৰীসমূহৰ দাম বৃদ্ধি পাব পাৰে।

বাজেটত কি কি সামগ্ৰীৰ দাম বাঢ়িলঃ  

চিগাৰেট, ষ্টীল আৰু তামৰ বাচন, আমদানিকৃত জোতা, সা-সামগ্ৰী, বাণিজ্যিক গাড়ীৰ যন্ত্ৰাংশ, চিকিৎসাৰ সৰঞ্জাম, ৰন্ধন সামগ্ৰী,মদ, বৈদ্যুতিক যন্ত্ৰাংশ,     পেট্ৰ’ল–ডিজেল, সোণ, কাজু, অটো পাৰ্টছ, ছিন্থেটিক ৰবৰ, PVC আৰু টাইল্ছ ইত্যাদি।

আনহাতে, AC, অপ্টিকেল ফাইবাৰ, লাউডস্পীকাৰ, ভিডিঅ’ ৰেকৰ্ডাৰ, চিচিটিভি কেমেৰা, গাড়ীৰ হৰ্ণ, চিগাৰেট আদি সামগ্ৰীৰো দাম বৃদ্ধি পাব পাৰে।

বাজেটত কি কি সামগ্ৰীৰ দাম কমিলঃ

নিউজপ্ৰিন্ট, লাইট ৱেট কোটেড পেপাৰ, চেনি, ছয়াবিন, ফাইবাৰ  তেল, চেম্পু, টুথপেষ্ট, ডিটাৰজেণ্ট, ঘৰুৱা বৈদ্যুতিক সামগ্ৰী, পাংখা, চেনিটেৰী সামগ্ৰী, ব্ৰীফকেছ, বেগ, বটল, কণ্টেইনাৰ, চশমাৰ ফ্ৰেম, গাদী, বিছনা, বাঁহৰ ফাৰ্ণিচাৰ, শুকান নাৰিকল, ধূপকাঠি, আদি সামগ্ৰীৰ দাম হ্ৰাসৰ প্ৰস্তাৱ দিয়া হৈছে।