NORTHEAST NOW (Assamese)
অসম

কৃষ্ণকায় কোমল চলঙৰ কাছ পোৱালীক ডিফলু নদীত এৰি দিব বন মন্ত্ৰী শুক্লবৈদ্যই

December 25, 2018 8:50 pm
2641169196_a685b09f2e_b

অসমৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৪০ টা কৃষ্ণকায় কোমল চলঙৰ কাছৰ পোৱালীক নদীৰ পানীত এৰি দিব। কাইলৈ ২৬ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপস্থ ডিফলু নদীত এই বিৰল প্ৰজাতিৰ কাছৰ পোৱালীকেইটাক এৰি দিয়া হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কৃষ্ণকায় কোমল চলঙৰ কাছ বনৰীয়া প্ৰজাতিটো বিলুপ্ত হৈছে। কিন্তু ‘হেল্প আৰ্থ’ নামৰ এটা বেচৰকাৰী সংস্থাই অসম চৰকাৰৰ সৈতে সহযোগিতাৰে এই প্ৰজাতিটো সংৰক্ষণৰ ব্যৱস্থা কৰিছে। বেচৰকাৰী সংস্থাটোৱে অসমৰ ১৫টা মন্দিৰৰ পুখুৰীত এই কাছকেইটাৰ প্ৰজাতিটো চিনাক্ত কৰিছে আৰু কেইটামানেৰে কাছ সংৰক্ষণ কেন্দ্ৰ এটা গঠন কৰিছে।

এগৰাকী বিষয়াই জনাইছে, ‘‘তেওঁলোকৰ এটা অতি গুৰুত্বপূৰ্ণ কাছ সংৰক্ষণ কেন্দ্ৰ হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত আছে। জিলা প্ৰশাসন, হেল্প আৰ্থ আৰু মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত শেহতীয়াভাৱে কৃষ্ণকায় কোমল চলঙৰ কাছৰ প্ৰজনন সম্ভৱ কৰিছে।

কণী ফুটি পোৱালী হোৱাৰ পাছত ৬ মাহলৈকে পোৱালীসমূহ লালন পালন কৰা হৈছে আৰু সিহঁতক মুকলি কৰি দিয়াৰ বাবে সাজু কৰা হৈছে। কাছৰ পোৱালীসমূহক অসম চিৰিয়াখানালৈ আনি তাৰ পাছত ডিএফঅ’ তেজস মৰিস্বামীৰ তত্বাৱধানত কাজিৰঙাৰ ওচৰৰ ডিফলু নদীত এৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। মুঠ ৪০ টা পোৱালীক ডিফলু নদীত এৰি হ’ব বুলি এগৰাকী বিষয়াই জনাইছে।