NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত বৰদিনৰ আনন্দ উলাহ, আলোকেৰে সজ্জিত ১৭৪ বছৰীয়া গীৰ্জা

Posted by: পাৰ্শ্বজ্যোতি গগৈ December 25, 2018 8:35 pm
christmas assam

আজি পবিত্ৰ বৰদিন। সমগ্ৰ বিশ্ব লগতে আজি শিৱসাগৰতো ইতিহাস প্ৰসিদ্ধ ১৭৪বছৰীয়া গীৰ্জাঘৰত উলহ মালহেৰে বৰদিন পালন কৰা হয়।

কেৰল পৰিৱেশনৰ লগতে যীশুৰ পবিত্ৰ বাণীৰে শিৱসাগৰ তথা অসমৰ অন্যতম পুৰণি আৰু ঐতিহ্যমণ্ডিত গীৰ্জা কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীটো দেখা গ’ল বৰদিনৰ উল্লাস।

বৰদিন উপলক্ষে সজাই তোলা হৈছে ১৮৪৫ খ্ৰীষ্টাব্দত স্থাপিত গীৰ্জাঘৰটো। আলোকসজ্জাৰে সুশোভিত কৰি তোলা হৈছে গীৰ্জাৰ চৌদিশ।

পবিত্ৰ বৰদিনত কেৰলৰ সুমধুৰ ধ্বনিত গীৰ্জা ঘৰত যীচুৰ ভক্তৰ ভিৰ পৰিলক্ষিত হয়।

বৰদিন উপলক্ষে ঘৰে ঘৰে বিলোৱা হয় যীচু জন্মৰ বাণী। শিৱসাগৰৰ খ্ৰীষ্টিয়ান সমাজে ঘৰে ঘৰে গৈ গীত-মাতেৰে কেৰল উদযাপন কৰাৰ লগতে পুৱাৰ পৰা গীৰ্জাত কেৰল পৰিৱেশনৰে পবিত্ৰ কৰি তোলে সমগ্ৰ পৰিৱেশ।

খ্ৰীষ্টমাচ ট্ৰি, চান্তাক্লজৰ মুখাৰ মাজত সংগীতেৰে মুখৰিত হৈছে বৰদিনৰ বাণী।