NORTHEAST NOW (Assamese)
অসম

পানীত নামিবলৈ বাধ্য কৰা হৈছিল জুবিনক; চাঞ্চল্যকৰ ভিডিঅ’ত উন্মোচিত ৰহস্যৰ দুৱাৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 22, 2025 11:17 am

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক অসুস্থতা স্বত্তেও সাগৰৰ পানীত নামিবলৈ বাধ্য কৰা হৈছিল। ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ সৈতে জড়িত কেইগৰাকীমান বিষয়ববীয়াই সাগৰলৈ লৈ যোৱাৰ বাবে উদ্যোগ লৈছিল। সেই সাগৰত সংঘটিত ঘটনাৰ এটাৰ পাছত আন এটাকৈ ভিডিঅ’ পোহৰলৈ আহিছে।

ইতিমধ্যে ভাইৰেল হৈ পৰা এটা ভিডিঅ’ই উন্মোচিত কৰিছে কিদৰে জুবিনক সেই সাগৰত নামিবলৈ প্ৰৰোচিত কৰা হৈছিল। ছিংগাপুৰৰ সেই সাগৰৰ পাৰত ৰৈ একাংশই কেনেদৰে হাঁহি-ধেমালিৰে জুবিনক একপ্ৰকাৰ সাগৰত নামিবলৈ বাধ্য কৰাই মৃত্যু মুখলৈ ঠেলি দিছিল সেয়া এই ভিডিঅ’টোৰ জৰিয়তে ওলাই পৰিছে।

নিশা সুৰাৰ পাৰ্টী কৰাৰ পিছত পুৱা জুবিন গাৰ্গক সাগৰলৈ লৈ গৈছিল  সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু শেখৰ গোস্বামীয়ে। পানীত নামিবলৈ ভয় কৰি থকা জুবিনক খালী গাৰে পানীত নামিবলৈ জোৰ কৰা হৈছিল।

জুবিনে পানীত নামিবলৈ একেবাৰে মন কৰা নাছিল। কিন্তু একান্ত সহযোগী শেখৰ গোস্বামীয়ে তেওঁক পানীত নামিবলৈ বাৰে বাৰে প্ৰৰোচিত কৰিছিল। কিন্তু কিয় ইচ্ছা নথকা সত্তেও শেখৰে জুবিনক বাৰে বাৰে পানীত নামিবলৈ অনুৰোধ কৰিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

সেই অভিশপ্ত Yacht খনলৈ জুবিনকৈ লৈ গৈছিল ছিংগাপুৰৰ অসম এছ’চিয়েচনৰ তন্ময় ফুকন, অভিমন্যু আৰু সন্দীপন গাৰ্গে। শেখৰ গোস্বামীৰ ভাষ্যৰ পৰাই এই তথ্য পোহৰলৈ আহিছে। তেওঁলোকেই জুবিন গাৰ্গক জোৰ কৰি পানীত নমাইছিল।

ভিডিঅ’টোত স্পষ্ট গম পোৱা গৈছে যে প্ৰথমে জুবিনে শেখৰ গোস্বামীক সাঁতোৰ শিকাবলৈ কোৱা শুনা গৈছে। তাৰ পাছতেই ‘ব’লা, তালৈ যাওঁ ব’লা’ বুলি কৈ শেখৰে জুবিনক পানীত নামি সিপাৰলৈ যাবলৈ অনুৰোধ কৰে। জুবিনে কয়, ‘‘যাবা?’’ তেতিয়া শেখৰে কয়, ‘‘ব’লা।’’

তাতেই উপস্থিত থকা এজনে সেই মুহূৰ্তত এইদৰে কোৱা শুনা গৈছে – ‘‘গৈ কিন্তু আকৌ ঘূৰি আহিব লাগিব দেই।’’ এইটো কোৱাৰ পাছত আন এজনে খিকিন্দালি কৰি কৈছে, ‘‘ঘূৰি আহিব লাগিব দেই। এইটো বেষ্ট। যোৱাটো সহজ।’’

তাৰ মাজতে এজনে কৈছে, ‘‘জুবিন দাক লাইফ জেকেট এটা দি দে’।’’ আন এজনে লাইফ জেকেট এটা আনি পিন্ধাই দিব খুজিছিল যদিও জুবিনে সেইটো সোলোকাই দিয়া দেখা গৈছে। তাৰ পাছত এজনে আকৌ কৈছে, ‘‘এনেকৈ নামা, ঠেলি দিওঁ নেকি? জুবিন দাক লগত লৈ যোৱা। জুবিনদা, ই গৈ আছে লগত।’’

এই কথাবোৰে ঘটনাক আৰু অধিক ৰহস্যৰ মাজলৈ লৈ গৈছে। অসমীয়া জাতিৰ স্পন্দন জুবিন গাৰ্গৰ দৰে শিল্পীগৰাকীৰ প্ৰতি দেখুওৱা এনে আচৰণ আৰু দায়িত্বজ্ঞানহীনতা দেখুওৱাসকলৰ প্ৰতি ক্ষোভত ফাটি পৰিছে অসমবাসী। ইয়াৰ বিচাৰৰ বাবে সজোৰে উত্থাপিত হৈছে দাবী।