NORTHEAST NOW (Assamese)
অসম

CAB বিৰোধী আন্দোলনত আৰু এজন চহিদ; ডিব্ৰুগড়ত নিৰাপত্তাৰক্ষীৰ বৰ্বৰ আক্ৰমণত আহত বিজেন্দ্ৰ পাংগিৰ শেষ নিশ্বাস ত্যাগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2019 1:42 pm
Protest Image

ৰাজ্যত চলি থকা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ চহিদৰ সংখ্যা চাৰি জনলৈ বৃদ্ধি পাইছে।

আজি ডিব্ৰুগড়ত মৃত্যুক আকোৱালি লয় আৰক্ষীৰ লাঠীচালনাত গুৰুতৰভাৱে আহত বিজেন্দ্ৰ পাংগি নামৰ যুৱক গৰাকীয়ে।

বৃহস্পতিবাৰে নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰ বাবে ৰাজপথলৈ ওলাই যোৱা বিজেন্দ্ৰ পাংগিক আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকে বৰ্বৰ ভাৱে প্ৰহাৰ কৰিছিল যাৰ ফলত চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় তেওঁ আৰু আজি চিকিৎসালয়তে মৃত্যু হয় বিজেন্দ্ৰ পাংগিৰ।

বৃহস্পতিবাৰে গুৱাহাটীৰ বিভিন্ন স্থানত আৰক্ষীৰ গুলীত তিনিগৰাকী প্ৰতিবাদকাৰী চহিদ হৈছিল।

আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আজি ৰাজপথত নামে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ৰঞ্জিত তামুলী আৰু পঞ্জীয়কে।

১১ ডিচেম্বৰত বিধেয়কখন ৰাজ্যসভাত গৃহীত হোৱাৰ পাছত অসমত বিধেয়ক বিৰোধী আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

আজি বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে আছুৱে আহ্বান কৰা গণ আন্দোলনত অংশ লয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য গৰাকীয়ে।

ডিব্ৰুগড় জিলাত আজি জিলা প্ৰশাসনে ৭ ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিছে।