NORTHEAST NOW (Assamese)
অসম

কৃষক মুক্তিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2019 1:29 pm
Dharjya Kowar

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে আৰক্ষীয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

চানমাৰী আৰক্ষীয়ে দুপৰীয়া প্ৰায় ১২.৩৫ মিনিটত কৃষক মুক্তিৰ নেতাগৰাকীক গান্ধীবস্তিস্থিত মুখ্য কাৰ্যালয়লৈ আহি থকাৰ সময়ত গ্ৰেপ্তাৰ কৰে।

নেতা গৰাকীক বেআইনী কাৰ্য্যকলাপ [Unlawful Activities (Prevention) Act] আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে ধৈৰ্য্য কোঁৱৰৰ পূৰ্বে কৃষক মুক্তিৰ উপদেষ্টা অখিল গগৈকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কৃষক নেতা গগৈক বৃহস্পতিবাৰে সন্ধিয়া ৮ বজাত যোৰহাট আৰক্ষীয়ে যোৰহাটৰ পৰা আটক কৰে।

সমগ্ৰ অসমতে ভয়াবহ ৰূপ ধাৰণ কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন কিছু পৰিমানে দমনৰ উদ্দেশ্যৰে আৰক্ষী প্ৰশাসনে সংগঠনটোৰ নেতা দুগৰাকীক আটক কৰিছে বুলি এটা সূত্ৰই জানিবলৈ দিয়ে।