NORTHEAST NOW (Assamese)
অসম

জাগুনত বৃহৎ পৰিমাণৰ ধনৰ সৈতে চাহ বাগিচাৰ পৰিচালক নিৰুদ্দেশ : আলফা (স্বা) দ্বাৰা অপহৰণৰ সন্দেহ

Posted by: মানস প্ৰতিম গগৈ June 9, 2018 9:36 pm
Jagun tea estate manager

তিনিচুকীয়া জিলাৰ জাগুনত উগ্ৰপন্থীজনিত কাৰ্যকলাপ বৃদ্ধি পাবলৈ ধৰাৰ সময়তে জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ফানেঙৰ এখন ব্যক্তিগত চাহ বাগিচাৰ পৰিচালক হঠাতে নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে জাগুনৰ ৩ নং উদয়পুৰৰ বাসিন্দা দীননাথ ওৰফে গোপাল উপাধ্যায় (৫০) নামৰ লোকজনক কালি দিনৰ প্ৰায় ১১ বজাত সন্দেহযুক্ত উগ্ৰপন্থীৰ দলে অপহৰণ কৰে বুলি সন্দেহ কৰা হৈছে।

উল্লেখযোগ্য যে বাগানত দৰমহা দিবলৈ বুলি ৫৩ হাজাৰ টকা লগত লৈ অহাৰ সময়তে নিৰুদ্দেশ হৈ পৰা লোকজনৰ এই পৰ্যন্ত  আৰক্ষীয়ে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

আনহাতে তেওঁ কাম কৰা বাগিচাখনৰ স্বত্বাধিকাৰী ৰাধা চেতিয়া মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে ৷ ৰাধা চেতিয়া চোৰাং কাঠ কয়লাৰ ব্যৱসায়ৰ লগত জড়িত বুলি এক সূত্ৰত প্ৰকাশ।

মন কৰিব লগীয়া যে দীৰ্ঘদিন ধৰি অসম-অৰুণাচল সীমান্তৰ জাগুনৰ ফানেং অঞ্চলত নগা উগ্ৰপন্থীয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ধন দাবী তথা ক্ষুদ্ৰ চাহ খেতিৰ সৈতে জড়িত একাংশ শ্ৰমিকক মাৰধৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও আৰক্ষী-সেনাই এইক্ষেত্ৰত কোনো ব্যৱস্থা হাতত লোৱা নাই বুলি তেওঁলোকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷

এক অসমৰ্থিত সূত্ৰৰ পৰা তথ্য অনুসৰি একাংশই উপাধ্যায়ক সন্দেহযুক্ত আলফা (স্বা)এ অপহৰণ কৰিছে বুলি কব খোজে যদিও আৰক্ষীয়ে বৰ্তমানলৈকে সংবাদ মাধ্যমৰ আগত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই।