NORTHEAST NOW (Assamese)
Popular Stories

বেছি পানী খোৱাটোও হ’ব পাৰে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2025 6:40 am

পৰ্যাপ্ত পৰিমাণৰ পানী খোৱাটো সুস্বাস্থ্য বজাই ৰাখিবলৈ একান্তই প্ৰয়োজনীয়। কিন্তু, বেছি পৰিমাণে পানী খালে, তাৰ ফলত বহু সমস্যাৰো সৃষ্টি হ’ব পাৰে বুলি চিকিৎসকসকলে সতৰ্ক কৰিছে।

চিকিৎসকসকলৰ মতে, প্ৰাপ্তবয়স্ক এজনৰ দৈনিক প্ৰায় ২–৩ লিটাৰ পানী খোৱাৰ প্ৰয়োজন। ইয়াতকৈ বেছি পানী খালে শৰীৰৰ বিশেষ কোনো উপকাৰ নহয়। তাৰ বিপৰীতে অত্যধিক পানী খোৱাৰ অভ্যাসে বৃক্কৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰে।

বৃক্কই শৰীৰৰ পানী আৰু খনিজ পদাৰ্থৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে। কিন্তু নিয়মিতভাৱে অত্যধিক পানী খালে বৃক্কৰ কাৰ্যক্ষমতা কমি আহিব পাৰে। ইয়াৰ ফলত শৰীৰত ছডিয়ামৰ মাত্ৰা হ্ৰাস পায়, যাক চিকিৎসা-ভাষাত হাইপ’নাট্ৰেমিয়া বোলা হয়। এই অৱস্থাত মূৰ ঘূৰোৱা, সিদ্ধান্ত লোৱাত অসুবিধা আদি সমস্যাইও দেখা দিব পাৰে।

চিকিৎসকসকলে কয় যে, “পিয়াহ অনুভৱ হ’লে পানী খোৱা উচিত, বেছি পানী খোৱাটো একেবাৰে প্ৰয়োজন নাই।”

তথাপি সক্ৰিয় ব্যক্তি আৰু খেলুৱৈসকলে ঘামৰ জৰিয়তে অধিক পৰিমাণে পানী বাহিৰ কৰে। সেইবাবে তেখেতসকলৰ ক্ষেত্ৰত বেছি পানী খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়। কিন্তু সাধাৰণ মানুহৰ বাবে দিনত ৫–৬ লিটাৰ পানী খোৱাৰ কোনো প্ৰয়োজন নাই।